NORTHEAST NOW (Assamese)

ঘৰুৱা খেলত বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰি বিপদত ৰবিচন্দ্ৰন আশ্বিন

October 26, 2019 6:59 am · এন ই নাও নিউজ
আশ্বিন, উৎস-ইণ্টাৰনেট

বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত তামিলনাডুৰ হৈ অংশলোৱা ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে ঘৰুৱা ক্ৰিকেটত বিচিচিআইৰ লগো ব্যৱহাৰ কৰাৰ বাবে জৰিমনাৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

কৰ্ণাটকৰ বিপক্ষে বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত তামিলনাডু হৈ তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা আশ্বিনে বিচিচিআইৰ লগো থকা হেলমেট পৰিধান কৰিছিল।

খেলখনত মেচ ৰেফাৰী হিচাপে থকা চিন্ময় শৰ্মাই আশ্চিনৰ ওপৰত জৰিমনা লগাব পাৰে। বিচিচিআইৰ এগৰাকী কাৰ্য্যকৰ্তাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়, ‘‘আশ্চিনৰ ওপৰত জৰিমনা লাঘু হ’ব নে নহয় সেয়া মেচ ৰেফাৰীৰ ওপৰত নিৰ্ভৰ কৰিব’’।

কাপোৰৰ ক্ষেত্ৰত থকা নিয়ম অনুসৰি যদিহে ৰাষ্ট্ৰীয় দলৰ হেলমেট ঘৰুৱা খেলত পৰিধান কৰা হয় তেনেহ’লে হেলমেটত থকা বিচিচিআইৰ লগো লুকুৱাই ৰখাটো দৰকাৰ।

বিচিচিআইৰ বিষয়া গৰাকীয়ে এনেবোৰ নিয়ম সন্দৰ্ভত বহু পূৰ্বৰে পৰা খেলুৱৈ সকলক সতৰ্ক কৰি দি অহা হৈছিল বুলি উল্লেখ কৰি ইয়াৰ পাছতো যদিহে খেলুৱৈয়ে ভুল কৰে তেন্তে নিশ্চিতভাৱে জৰিমনাৰ সন্মুখিন হ’ব লাগে বুলি কয়।

একেখন খেলতে মায়ংক আগৰৱাল আৰু লোকেশ ৰাহুলে ৰাষ্ট্ৰীয় দলৰ হেলমেট পৰিধান কৰিছিল যদিও বিচিচিআইৰ লগো চেলো টেপেৰে লুকুৱাই ৰাখিছিল।

 

Related News