NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত চোৰাং কাঠৰ ৰমৰমীয়া বেহা; কাঠফলা মিলৰ লগতে জব্দ লক্ষাধিক টকাৰ কাঠ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা May 12, 2020 4:53 pm

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী পাৰ্কোপ পাহাৰত অব্যাহত আছে বনধ্বংস যজ্ঞ। সততে বনজ সম্পদৰ বাবে চহকী পাৰ্কোপ পাহাৰত লক্ ডাউনৰ অচিলা লৈ একাংশই চলাই গৈছে ব্যাপক এই বন ধ্বংস যজ্ঞ।

কাৰ্বি আংলং বন বিভাগৰ চকুৰ সন্মুখতে বনজ সম্পদৰ ধ্বংস যজ্ঞ চলাই নগাঁও জিলাৰ ভৈয়াম অঞ্চলেৰে সৰবৰাহ হয় বৃহৎ কাঠৰ কুণ্ডা আৰু ফান্টা ভৰ্ত্তি গাড়ী।

সোমবাৰে নিশাও ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা কাৰ্ফিউকো নেওচি এখন টাটা ডি আই বাহনে কাৰ্বি আংলং বন বিভাগৰ অধীনৰ পাৰ্কোপ পাহাৰৰ পৰা কঠালগুৰি-মালিবস্তি হৈ চলচলী জলাহগাঁৱলৈ ২৮ টা মাকৈ শালৰ ফান্টা সৰবৰাহ কৰিছিল।

নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ জলাহগাঁৱৰ এটা নৱনিৰ্মিত গৃহৰ খালী মাটিত নিশা প্ৰায় ৯.৩০ বজাত এখন বাহনে কাঠখিনি পেলাই থৈ যোৱা বুলি এটা সূত্ৰই জানিবলৈ দিয়ে।

পাছত অবৈধভাৱে সৰবৰাহ কৰি মজুত কৰা কাঠখিনিৰ খবৰ লাভ কৰি শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে অতি ক্ষীপ্ৰতাৰে উক্ত স্থানত অভিযান চলাই স্থানীয় গাওঁবুঢ়া শৰৎ চন্দ্ৰ শইকীয়া আৰু ৰাজেন বৰাৰ উপস্থিতিত কাঠ খিনি জব্দ কৰে।

জব্দ কৰা কাঠখিনিৰ মূল্য আনুমানিক প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চলচলী জলাহগাঁৱৰ উক্ত স্থানত পাৰ্কোপ পাহাৰৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰি  দীৰ্ঘ দিন ধৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি এটা সুত্ৰই জানিবলৈ দিছে।

আনহাতে কাৰ্বি আংলং জিলাৰ পাৰ্কোপ পাহাৰত পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ দৰে এটা কাৰ্যালয় থকাৰ পাছতো কাৰ্বি আংলং বন বিভাগৰ চকুৰ সন্মুখেৰে চৰকাৰে ঘোষণা কৰা কাৰ্ফিউৰ মাজতো কিদৰে অবৈধ চোৰাং কাঠৰ গাড়ী পাৰ হৈ চলচলী জলাহগাঁও পালেহি তাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

স্থানীয় আন এক সূত্ৰই এয়া পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ একমাত্ৰ হেমাহি আৰু কমিছনৰ অংকৰ বাবেই সম্ভৱ হৈ উঠিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে আজি পুনৰ পুৰণিগুদাম নিকটৱৰ্ত্তী চলচলীতো বন বিভাগে আন এক অভিযান চলায়। শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়াৰ নেতৃত্বত অহা বনৰক্ষীৰ এটা দলে চলচলীত এক অভিযান চলাই নুৰ হুইছেন নামৰ এজন লোক ঘৰৰ পৰা এটা কাঠ ফলা মিল জব্দ কৰিবলৈও সক্ষম হয়।