NORTHEAST NOW (Assamese)
Popular Stories

চিৰদিনৰ বাবে….! ভেলেণ্টাইন ডে’ত আৱেগিক হৈ পৰিল অনুষ্কা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 5:48 pm

অভিনেত্ৰী অনুস্কা শৰ্মাই ভেলেণ্টাইন ডে’ উপলক্ষে স্বামী তথা ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ স’তে তোলা এখনি ৰোমাণ্টিক ছৱি তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে।

বৰ্তমান অনুষ্কাই তেওঁলোকৰ সদ্যজাত কন্যাসন্তানৰ স’তে মুম্বাইত থকাৰ বিপৰীতে বিৰাট ব্যস্ত আছে ইংলেণ্ডৰ বিৰুদ্ধে ছেকেণ্ড চেন্নাই টেষ্টমেচত।

 

View this post on Instagram

 

A post shared by AnushkaSharma1588 (@anushkasharma)

সূৰ্যাস্ত আৰু সাগৰক বেকগ্ৰাউণ্ডত ৰাখি নিবিড় মুহূৰ্তৰ ফটোখনৰ স’তে অনুষ্কাই বিৰাটক চিৰদিনৰ বাবে তেওঁৰ ভেলেণ্টাইন হিচাপে আখ্যা দিছে।

ইনষ্টাগ্ৰাম প’ষ্টটো শ্বেয়াৰ কৰাৰ পাছতে অনুষ্কা আৰু বিৰাটৰ অনুৰাগীসকলে তেওঁলোকক কমেণ্ট বক্সত শুভেচ্ছাজ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে ১১ জানুৱাৰীত তেওঁলোকৰ কন্যা সন্তান বাল্মিকাৰ জন্ম হৈছিল আৰু এই লৈ অনুৰাগীসকলৰ মাজত ব্যাপক আনন্দৰ জোৱাৰ দেখা পোৱা গৈছে।