NORTHEAST NOW (Assamese)
অসম

ভেলেণ্টাইন ডে’ত পত্নীক অমূল্য উপহাৰ দিলে স্বামীয়ে,কি উপহাৰ? জানিলে ভাল লাগিব আপোনাৰো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 5:49 pm
a kid

আজি সমগ্ৰ বিশ্বজুৰি পালন হৈছে প্ৰেমৰ দিন ভেলেণ্টাইন ডে’।

আজিৰ দিনটোতে প্ৰেমিক-প্ৰেমিকাই প্ৰেমৰ নতুন সংকল্প গ্ৰহণ কৰি আহিছে।

ভেলেণ্টাইন ডে’ৰ সৈতে জৰিত হৈ থাকে উপহাৰৰ কথা। প্ৰেমিক-প্ৰেমিকাই  নানান উপহাৰৰ আদান-প্ৰদানেৰে মৰমৰ বিনিময় কৰে।

প্ৰেমৰ দিনটোতে আজি  আহমেদাবাদৰ এগৰাকী স্বামীয়ে তেওঁৰ পত্নীক দিলে এক বিশেষ উপহাৰ।

আহমেদাবাদ নিবাসী বিনোদ নামৰ লোক জনৰ পত্নী ৰীতাবেন দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে কিডনিৰ ৰোগত।

শৰীৰৰ দুয়োটা কিডনিয়েই বিকল হৈ পৰাৰ উপক্ৰম ঘটিছিল ৰীতাবেনৰ। চিকিৎসকৰ মতেও এনেদৰে থাকিলে ৰীতাবেনৰ জীয়াই থকাৰ আশা তেনেই কম।

এনে বিষম পৰিস্থিতিত স্বামী বিনোদে পত্নীৰ বাবে ল’লে এক বিশেষ সিদ্ধান্ত।বিনোদে  ৰোগগ্ৰস্ত পত্নীক তেওঁৰ এটা কিডনি দান কৰাৰ সিদ্ধান্ত লয় আৰু সেই মৰ্মে আজিৰ এই প্ৰেমৰ দিনটোতে তেওঁ  পত্নী ৰীতাবেনৰ বাবে কিডনি দান কৰে।

আজি পুৱাই চিকিৎসকে অস্ত্ৰোপচাৰ কৰি বিনোদৰ কিডনি এটা ৰীতাবেনৰ দেহত সংৰোপন কৰাৰ দিহা কৰে। প্ৰেমৰ দিনটোতে পত্নীক কিডনি দান কৰিবলৈ পাই অতিকৈ সুখী বিনোদ।

অস্ত্ৰোপচাৰ কক্ষলৈ যোৱাৰ পূৰ্বে বিনোদে কৈ গ’ল —প্ৰেমৰ দিনত  পত্নীক দিব পৰা ইয়াতকৈ আৰু মূল্যৱান কিবা উপহাৰ থাকিব পাৰে বুলি তেওঁ নাভাবে।