NORTHEAST NOW (Assamese)
অসম

নলবাৰী জিলা কমিটি পুনৰুদ্ধাৰ : ৰমণী ডেকাক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে লৈ নলবাৰী জিলাৰ তদৰ্থ সমিতি গঠন ৰাইজৰ দলৰ  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 7:14 pm

চলিত মাহৰ আৰম্ভণীতে নলবাৰী জিলাৰ ৰাইজৰ দলৰ নেতা জ্ঞানেন চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যমত অখিল গগৈক মুকলিকৈ সমালোচনা কৰাৰ বাবে কাৰণ দৰ্শোৱা জাননী জাৰি কৰি দায়িত্বৰ পৰা অব্যাহতি দিয়ে।

ইয়াৰ পিছতে নলবাৰী প্ৰেছক্লাৱত ৰাইজৰ দলৰ নলবাৰী জিলা কমিটিৰ শীৰ্ষ নেতা সকলে জিলা কমিটি ভংগ কৰি ৰাজহুৱাভাবে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে এতিয়া ৰাইজৰে নতুনকৈ নলবাৰীন জিলা কমিটি গঠন কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে।

সোমবাৰে ৰাইজৰ দলৰ নলবাৰী জিলা তদর্থ সমিতিখন পুনৰ গঠন কৰা হয়। ৰমণী ডেকাক ভাৰপ্ৰাপ্ত সভাপতি, ইফটিকাৰ হুছেইন, বিশ্বজিৎ ভাগৱতী, আয়ুব আলী, দ্বীপজ্যোতি কলিতাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা তদৰ্থ সমিতিখনক এপ্রিল মাহৰ ভিতৰত এখন পূর্ণাংগ জিলা সমিতি গঠন কৰাৰ দ্বায়িত্ব অর্পণ কৰা হয়।

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাত উপস্থিত থাকি নলবাৰী জিলাৰ কৰ্মী সকলে অনাগত সময়ত দলৰ সাংগঠনিক ভেটি সবল কৰাৰ বাবে সংকল্প গ্রহণ কৰে।