NORTHEAST NOW (Assamese)
অসম

৫০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2021 5:11 pm
Former ACA secretary Pradip Buragohain has been arrested

অসম ক্ৰিকেট সন্থাৰ (এচিএ) প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক বুধবাৰে ডিব্ৰুগড়ৰ টিংকং অঞ্চলৰ পৰা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

গুৱাহাটীৰ ফটাশিল আৰক্ষী থানাত পঞ্জীয়ন কৰা ৮১৭/২০২১ ইউ/এছ ১২০(বি)/৪০৬/৪০৯/৪২০/৪৬৯/৩৪ আইপিচি নং গোচৰত ফটাশিল আৰক্ষীৰ দলে তেওঁক জিম্মাত লয়।

অসম ক্ৰিকেট সংস্থাই বুঢ়াগোহাঁইনৰ কাৰ্যকালত এচিএ পুঁজিৰ কোটি কোটি টকাৰ অপব্যৱহাৰৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল।

ইফালে, প্ৰদীপ বুঢ়াগোহাঁইৰ সম্পাদকীয় কালত এচিএ সমিতিয়ে ব্যৱহাৰ কৰা একাউণ্টত কোটি কোটি পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ নিৰ্ণয় কৰিবলৈ আৰু একাউণ্ট পৰীক্ষা কৰাৰ বাবে এচিএ-য়ে প্ৰবীণ ক্ৰীড়া সংগঠক জামছেদ খানৰ নেতৃত্বত পাঁচজনীয়া একাউণ্ট প্ৰমাণীকৰণ সমিতি গঠন কৰে।

একাউণ্ট প্ৰমাণীকৰণ সমিতিয়ে হোটেলৰ কোঠা, বিমানৰ টিকট, খাদ্য আদিৰ নামত এচিএ পুঁজিৰ কোটি কোটি টকা অপব্যৱহাৰৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে।

উল্লেখ্য যে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত আছিল প্ৰদীপ বুঢ়াগোহাঁই। অসম ক্ৰিকেট সন্থাৰ বৰ্তমানৰ কমিটিৰ হিচাপ পৰীক্ষণৰ পাছতে এই কেলেংকাৰী পোহৰলৈ আহে।