NORTHEAST NOW (Assamese)
অসম

পুনৰ প্ৰতিবাদত নামিল আছা; পাঁচজন সাংসদ-বিধায়কৰ পুত্তলিকা দাহ বিশ্বনাথত

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ December 16, 2021 5:14 pm
Biswanath 5 mps effigy burns

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিকে বিশ্বনাথৰ জপৌবাৰীত গ্ৰহণ কৰে এক পুত্তলিকা দাহ কাৰ্যসূচী।

জনজাতিকৰণ, মাটি পট্টা,মজুৰি বৃদ্ধি আদিৰ লগতে অন্যান্য সমস্যা সমুহক লৈ এই পুত্তলিকা দাহ কাৰ্য্যসূচী ৰূপায়ন কৰে বিশ্বনাথ আঞ্চলিক সমিতিয়ে।

আদিবাসী জনগোষ্ঠীটোৰ সমস্যাসমুহৰ ক্ষেত্ৰত কোনোদিনে মাত এষাৰ নমতা -জনগোষ্ঠীটোৰ ব্যৰ্থ সাংসদ পল্লৱ লোচন দাস আৰু ব্যৰ্থ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা, সঞ্জয় কিশানৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদ কাৰী সকলে।

Also Read: কৃতি প্ৰবীণ খেলুৱৈৰ দুৰ্দশা! দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী এথলিটে

চাহ জনগোষ্ঠীক এই সকল সাংসদ, মন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰি আজি পৰ্যন্ত নিজৰ জনগোষ্ঠীৰ বাবে কতো একো মাত মতা নাই। যাৰ বাবে প্ৰতিবাদকাৰীসকলে দালাল আখ্যা দিছে এই সকল মন্ত্ৰী বিধায়ক তথা সাংসদক।