NORTHEAST NOW (Assamese)
অসম

জামিন আবেদন নাকচ; গ্ৰেপ্তাৰ গণধৰ্ষণত অভিযুক্ত আন্দামানৰ প্ৰাক্তন মুখ্য সচিব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 11, 2022 8:14 am

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাক্তন মুখ্য সচিব জীতেন্দ্ৰ নাৰায়ণক গণধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক আগেয়ে সোধা-পোছাৰ বাবে পোৰ্ট ব্লেয়াৰলৈ মাতি অনা হৈছিল। প্ৰাক্তন আমোলাজনক বৃহস্পতিবাৰে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়।

যোৱা অক্টোবৰত এগৰাকী মহিলাই নাৰায়ণৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। পিছত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে তেওঁৰ চৰকাৰী ঘৰত যৌন ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰে। অভিযোগ কৰা হয় যে জীতেন্দ্ৰই কমেও ২০ গৰাকী ছোৱালীক ঘৰলৈ মাতিছিল আৰু তেওঁলোকক ধনৰ বিনিময়ত যৌন সম্পৰ্কত লিপ্ত হ’বলৈ বাধ্য কৰিছিল।

লগতে পঢ়ক: ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি?

আন্দামান চৰকাৰৰ আন এজন উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধেও যুৱতীগৰাকীয়ে অভিযোগ আনিছিল। আন্দামান শ্ৰম বিভাগৰ সঞ্চালক আৰ এল ঋষিৰ বিৰুদ্ধেও তেওঁ অভিযোগ আনিছিল। তেওঁলোক দুয়োৰে বিৰুদ্ধে গণধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।

উচ্চ পদস্থ আমোলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছত গৃহ মন্ত্ৰালয়ে আন্দামান আৰু নিকোবৰ আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰে। প্ৰতিবেদন অনুসৰি, জীতেন্দ্ৰই তেওঁৰ চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰিছিল।

লগতে পঢ়ক: আতচবাজী কাৰখানাত ভয়াৱহ বিস্ফোৰণ: তিনি কৰ্মচাৰী নিহত, এগৰাকী সন্ধানহীন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে আন্দামান আৰু নিকোবৰ আৰক্ষীয়েও তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। তাৰ পিছত আন্দামানৰ প্ৰাক্তন মুখ্য সচিবগৰাকী জামিন লাভ কৰি মুক্ত হৈ আছিল। যোৱা তেওঁক ১৭ অক্টোবৰত নিলম্বিত কৰা হৈছিল। তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ১৪ নৱেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও তাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।