NORTHEAST NOW (Assamese)

APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড, ২ লাখ টকা জৰিমনা আদালতৰ

July 29, 2024 12:54 pm · এন ই নাও নিউজ, গুৱাহাটী

এক গুৰুত্বপূৰ্ণ ৰায়দানত সোমবাৰে বিশেষ ন্যায়ধীশৰ আদালতে অসমত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ সৈতে জড়িত হাই-প্ৰফাইল ধনৰ বিনিময়ত চাকৰিৰ গোচৰত দোষী সাব্যস্ত হোৱা ৩২ জন ব্যক্তিক শাস্তি প্ৰদান কৰিছে।

অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ এই কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহা হৈছে।

আন দুজন মূল অভিযুক্ত বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানক ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে।

বাকী ২৯ গৰাকী প্ৰাৰ্থীক ৪ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে। তেওঁলোক হৈছে সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰৌফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, আল্পনা দেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্তজিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমলকৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰা, বিচিত্ৰ হাকমাওচা আৰু ৰোষেশ্বৰ টিমুং।

এই ৰায়দান অসমৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, য’ত এ পি এছ চিৰ নগদ ধনৰ বিনিময়ত চাকৰিৰ কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য কঁপাই গৈছিল।

২০১৭ চনত দাখিল কৰা এই গোচৰটোত চাকৰি নিশ্চিত কৰিবলৈ উৎকোচ আৰু নম্বৰ সাল-সলনিৰ অভিযোগ উত্থাপন হৈছিল। 

Related News