NORTHEAST NOW (Assamese)

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

February 21, 2019 5:36 pm · এন ই নাও নিউজ
বুধবাৰে জে ডি-এছৰ মুৰব্বী এইচ ডি দেবে গৌড়াৰ সৈতে বৈঠকত অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাং। ফটো উৎস : বিজয়বাণী

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা গেগং আপাঙে জনতা দল ছেকিউলাৰ (জে ডি-এছ)ত যোগদান কৰিছে। অৰুণাচলৰ এগৰাকী অতি জনপ্ৰিয় নেতা হিচাপে পৰিচিত আপাঙে জানুৱাৰি মাহত বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত বুধবাৰে এইচ ডি দেবে গৌড়া নেতৃত্বাধীন জে ডি-এছত যোগদান কৰে।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ২০১৪ত বিজেপিত যোগদান কৰিছিল।

জে ডি-এছত যোগদান কৰি আপাঙে কয়,’’ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱে গৌড়া নেতৃত্বাধীন জে ডি-এছ এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল আৰু সেয়েহে মই এই দলটোত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।‘’

বিজেপিৰ পৰা পদত্যাগ কৰি আপাঙে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছিল যে দলটোৱে পূৰ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নীতি-আদৰ্শ অনুসৰণ কৰা নাই।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কৰি আপাঙে বিধেয়কখনে উত্তৰ-পূবত বিভেদ সৃষ্টি কৰা বুলিও অভিযোগ আনিছিল।

উল্লেখ্য যে যোৱা ১৯ জানুৱাৰিত কলকাতাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আয়োজন কৰা এক বিশাল বিজেপি বিৰোধী সমাবেশত ভাগ লৈ আপাঙে অৰুণাচল প্ৰদেশত গণতন্ত্ৰ নিকৃষ্টতম অৱস্থাৰ মাজেৰে গৈ আছে বুলি মন্তব্য কৰিছিল।

তেওঁ কৈছিল,‘‘ফেডাৰেল গণতন্ত্ৰ সংকটৰ সন্মুখীন হৈছে, আনকি উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশ পালন কৰা হোৱা নাই। মোৰ ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ’ল।‘’

তাৎপৰ্যপূৰ্ণভাৱে, উক্ত সমাৱেশতে তেওঁ কৈছিল,‘‘নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই ল’বলৈ মই প্ৰধান মন্ত্ৰীক সকীয়াই দিব খোঁজো। যদি এইয়া কৰা নহয় ভাৰত উত্তৰ-পূবৰ লোকসকলৰ বাবে উপযুক্ত হৈ নাথাকিব। মই উত্তৰ-পূবৰ সকলো আঞ্চলিক দলকে বিজেপিৰ সৈতে সম্পৰ্ক ত্যাগ কৰিবলৈ আহ্বান জনাইছো।‘’

Related News