NORTHEAST NOW (Assamese)
অসম

“মাউত” অতুলৰ অনুৰোধত ২১ ৰ অংকৰে হাতীৰ পিঠিত উঠিল পৰমানন্দ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 10, 2020 12:08 pm

আজি অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

অগপৰ বৰঘৰ আমবাৰীৰ মজিয়া শুৱনি কৰি হাতীৰ পিঠিত উঠিল পৰমানন্দ।

পৰমাক দলৰ মজিয়ালৈ আদৰণি জনায় অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

২১ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এক অংক কৰিয়েই পৰমাই অগপত যোগদান কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

আজি পৰমানন্দৰ লগত চিপাঝাৰ সমষ্টিৰ তেওঁৰ বহু সমৰ্থকে অগপত যোগদান কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা অনুসৰি চিপাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে পৰমানন্দই।

অৱশ্যে, বিজেপিৰ বৰ্তমানৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পৰমাৰ এই অংকত খেলি মেলি লগোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।