NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিয়ে চি ডি পি অ’ পদৰ বাবে পুনৰ অনুষ্ঠিত কৰিব ছ’চিয়েল ৱৰ্কৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 10:53 am
এ পি এছ চিয়ে চি ডি পি অ’ পদৰ বাবে পুনৰ অনুষ্ঠিত কৰিব ছ’চিয়েল ৱৰ্কৰ পৰীক্ষা

যোৱা ৮ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা অসম লোকসেৱা আয়োগৰ সামাজিক কৰ্ম (ছ’চিয়েল ৱৰ্ক)ৰ পৰীক্ষা বাতিল কৰা হৈছে।

সমাজ কল্যান বিভাগৰ পৰীক্ষাত সামাজিক কর্ম বিষয়ৰ পৰীক্ষাত সমাজতত্ব (ছ’চিঅ’লজি) বিষয়ৰ প্ৰশ্ন অহাৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ পিছতেই সোমবাৰে এক জাননীৰ জৰিয়তে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে।

জাননীত স্পষ্ট কৰি দিয়া হয় যে যিসকল পৰীক্ষাৰ্থীয়ে ৮ নৱেম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকক পুনৰ অনুষ্ঠিত হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সুযোগ দিয়া হ’ব।

নতুনকৈ অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাৰ দিন-বাৰ, স্থান অতি শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলিও এ পি এছ চিয়ে জনায়।

উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ চি ডি পি অ’ পদৰ বাবে হোৱা পৰীক্ষাত ভুল প্ৰশ্নকাকত যোগান ধৰা হৈছিল।

ইয়াৰ পিছতে পৰীক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰীক্ষা বাতিলৰ দাবী জনাইছিল।