NORTHEAST NOW (Assamese)
অসম

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

Posted by: এন ই নাও নিউজ May 11, 2019 12:24 pm
let chandmd.

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ আজি পুৱা ৪ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে। আজি গুৱাহাটীত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব।

উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা অসুস্থ হৈ পৰা প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদৰ চিকিৎসাৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিছিল। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ ৰাজনীতিক গৰাকীৰ অসুস্থ অৱস্থাৰ কথা গম পোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চিকিৎসাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

গুৱাহাটীৰ গান্ধীবস্তিৰ বাসগৃহত চিকিৎসা গ্ৰহণ কৰি থকাৰ পাছত প্ৰাক্তন অধ্যক্ষ গৰাকীক অলপতে নেমকেয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদে ১৯৭৯ চনৰ পৰা ১৯৮৬ চনলৈকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ চলাইছিল। বৰক্ষেত্ৰী সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত শ্বেখ চান মহম্মদ এগৰাকী সৰলমনা তথা নীতিনিষ্ঠ ৰাজনীতিক হিচাপে সুপৰিচিত আছিল।