NORTHEAST NOW (Assamese)

অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ পৰলোকপ্ৰাপ্তি

April 5, 2021 10:57 am · এন ই নাও নিউজ
Updated: April 5, 2021 12:28 pm

অসম আন্দোলনৰ সময়ৰে পৰা অথবা তাৰো আগৰে পৰা অসমৰ সমাজ-ৰাজনীতিৰ সৈতে পৰিচিত হৈ পৰা লোক জন আজি আৰু নাই।

একালৰ বলিষ্ঠ কণ্ঠ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ আজি মৃত্যু ঘটিছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।

বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ  আজি পুৱা ৪-৩০ বজাত গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় ভট্টাচাৰ্যৰ।

বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ তেওঁ  নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য।

প্ৰাক্তন আই পি এছ বিষয়া  গৰাকীয়ে তেওঁৰ জাতীয়তাবাদী মনৰ বাবেই কেইবাবাৰো কাৰাবাসো খাটিব লগা হৈছিল।

চৰকাৰৰ এনে বৈষম্যৰ প্ৰতিবাদত আনকি তেওঁ আৰক্ষীৰ উচ্চ পদৰ পৰাও পদত্যাগ কৰিছিল।

হিৰণ্য কুমাৰ ভট্টাচাৰ্যই জাতীয় চেতনা জাগ্ৰত কৰিব পৰা বহু কেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।তাৰ ভিতৰত এখন অন্যতম গ্ৰন্থ হৈছে ‘কাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী’।

Related News