NORTHEAST NOW (Assamese)

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইত আকস্মিক বিয়োগ প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জোনছৰ

September 24, 2020 5:08 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা বৰ্তমানৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰ ডীন জোনছৰ আজি আকস্মিকভাৱে ৫৯ বছৰ বয়সত বিয়োগ ঘটে।

জোনছৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আজি হঠাৎ বিয়োগ ঘটে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাজনক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে, ডীন জোনছে বৰ্তমান চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ধাৰাভাষ্যকাৰ হিচাপে বৰ্তমান মুম্বাইত উপস্থিত আছিল।

ভাৰতত থকা অৱস্থাতে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ আকস্মিকভাৱে মৃত্যু হোৱা বাতৰিয়ে সমগ্ৰ ক্ৰিকেট প্ৰেমীৰ অন্তৰত শোকৰ ছাঁ পেলাইছে।

১৯৬১ চনত অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত জন্মগ্ৰহণ কৰা ডীন জোনছে অষ্ট্ৰেলিয়াৰ হৈ ৫২ খন টেষ্ট আৰু ১৬৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিল।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ আকস্মিক বিয়োগত শচীন টেণ্ডুলকাৰ, বিৰেন্দাৰ ছেহৱাগ, বিৰাট কোহলীৰ লগতে ডেভিড ৱাৰ্ণাৰ আদি ক্ৰিকেটাৰে গভীৰ শোক ব্যক্ত কৰে।

 

Related News