NORTHEAST NOW (Assamese)

অসমত আৰু এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন; নেতৃত্বত কোন চাওক

November 29, 2020 9:21 am · এন ই নাও নিউজ
প্ৰদীপ দত্ত ৰায় আৰু তেওঁৰ সহযোগীয়ে গঠন কৰিছে নতুন ৰাজনৈতিক দল বৰাক ডেম'ক্ৰেটিক ফ্ৰন্ট।

অসমত আৰু এটা নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিলে। অসমৰ ৰাজনীতিত এই নতুন দলটোৰ ভূমিকা কি হ’ব সেয়াও অৱশ্যে স্পষ্ট কৰিছে ইয়াৰ নেতৃত্বই।

বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি এটা আঞ্চলিক দল গঠন কৰিলে অল কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ষ্টুডেন্টছ এছোচিয়েশ্যন (আকছা)ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন নেতা  প্ৰদীপ দত্ত ৰায়ে।

বৰাকৰ প্ৰতি বঞ্চনা তথা বৈষম্যৰ প্ৰতিবাদ কৰি অহা অধিবক্তা প্ৰদীপ দত্ত ৰায়ৰ নেতৃত্বত শনিবাৰে শিলচৰত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হৈ যায়।

এই অভিৱৰ্তনতে ‘বৰাক ডেম’ক্ৰেটিক ফ্ৰন্ট’ নামেৰে এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হয়। দলটোৰ মুখ্য আহ্বায়ক হিচাপে আছে প্ৰদীপ দত্ত ৰায়।

প্ৰস্তাৱিত এই নতুন ৰাজনৈতিক দলটোৰ আহ্বায়ক মণ্ডলীত আছে মুক্তাদিৰ চৌধুৰী, প্ৰমোদ শ্ৰীবাস্তৱ, মনীষ পাল, জহৰ টেৰণ, বাবুল কৰ্মকাৰ আৰু চালেহা খানম চৌধুৰী।

অহা এমাহৰ ভিতৰতে বৰাকৰ তিনিখন জিলাৰ সকলো শ্ৰেণীৰ লোকক লৈ এখন সমিতি গঠন কৰিব।

এই নতুন দলটোৱে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বৰাকত মুঠ পোন্ধৰ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বৰাকৰ বিভিন্ন দল বিশেষকৈ বিজেপি আৰু কংগ্ৰেছৰ পৰা কিছু লোকে নতুন দলটোত যোগদান কৰিব।

নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনে বৰাক উপত্যকাৰ ৰাজনীতিত কিছু নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিয়া বুলি  ৰাজনৈতিক পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে।

Related News