NORTHEAST NOW (Assamese)

গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য; ৰখা হৈছে ভেন্টিলেচনত

July 30, 2023 10:10 am · এন ই নাও নিউজ, গুৱাহাটী
পশ্চিমবংগৰ প্রাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। ফাইল ফটো: সংগ্ৰহীত।

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। তেওঁক বৰ্তমান হাস্পাতালৰ ভেন্টিলেচনত ৰখা হৈছে। শনিবাৰে বিয়লি হাওঁফাওঁৰ সংক্ৰমণ, উশাহ-নিশাহৰ সমস্যা আৰু নিউমোনিয়াৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যক কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেওঁক নন-ইনভেছিভ ভেণ্টিলেচনত ভৰ্তি কৰা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা এতিয়াও সংকটজনক। পূৰ্বতকৈ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই। নিশা তেওঁক ইনভেছিভ ভেন্টিলেচনত ভৰ্তি কৰা হৈছিল। অৱশ্যে শনিবাৰে দুপৰীয়াৰ তুলনাত তেওঁৰ শাৰীৰিক অৱস্থা কিছু সুস্থিৰ বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, বুধবাৰে বুদ্ধদেৱৰ নিউমোনিয়া ধৰা পৰে। শনিবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। হঠাতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত দুপৰীয়া তেওঁক উডলেণ্ডছ হাস্পাতলললৈ লৈ যোৱা হয়। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে হৃদৰোগ বিশেষজ্ঞকে ধৰি ৮ গৰাকী চিকিৎসকক লৈ এখন চিকিৎসা ব’ৰ্ড গঠন কৰা হৈছে।

বুদ্ধদেৱ ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ শুনাৰ পিছতে ৰাজ্যপাল চি ভি আনন্দ বসু শনিবাৰে বিয়লি চিকিৎসালয়লৈ যায়। বাওঁ মৰ্চাৰ বহু নেতাও চিকিৎসালয়ত উপস্থিত হয়। ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

Related News