NORTHEAST NOW (Assamese)

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ পৰলোকপ্ৰাপ্তি

April 25, 2020 12:38 pm · এন ই নাও নিউজ
Updated: April 25, 2020 3:10 pm
দেবানন্দ কোঁৱৰ

জেষ্ঠ ৰাজনীতিবিদ তথা বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ শনিবাৰে ৰাতিপুৱা গুৱাহাটীৰ নিজ বাসগৃহত ৮৬ বছৰত পৰলোকপ্ৰাপ্তি ঘটে।

দেবানন্দ কোঁৱৰে ছাত্ৰনেতা হিচাপে ১৯৫৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু তেওঁ হিতেশ্বৰ শইকীয়া কেবিনেটৰ সদস্য হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

তৰুণ গগৈৰ চৰকাৰৰ দিনতো ২০০১ চনত দেবানন্দ কোঁৱৰ কেবিনেট মন্ত্ৰী আছিল।

জেষ্ঠ ৰাজনৈতিক নেতা গৰাকীৰ মৃত্যুক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক ব্যক্ত কৰে।

‘‘বিহাৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল আৰু অসমৰ প্ৰাক্তন মন্ত্ৰী দেবানন্দ কোঁৱৰৰ মৃত্যুত মৰ্মাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধ সকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো,’’ মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে টুইট কৰে।

সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পূৰ্বে কোঁৱৰে কটন কলেজত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

বিশিষ্ট ৰাজনীতিবিদ গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো সেৱা আগবঢ়াইছিল।

অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ কোঁৱৰে দীৰ্ঘদিনীয়া অৱদান আগবঢ়াই গৈছে।

Related News