NORTHEAST NOW (Assamese)
দেশ

সোৱাদ নাই জেলৰ খাদ্যত! জামিন বিচাৰি সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2023 5:45 pm

উচ্চ ন্যায়ালয়ত বিমুখ হৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু।

৩০০ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত ধৰা পৰা চন্দ্ৰবাবু নাইডুক ২৪ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল আদালতে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই চন্দ্ৰবাবু নাইডুৱে আজি উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

উল্লেখ্য যে, অন্ধ্ৰপ্ৰদেশৰ দক্ষতা বিকাশ প্ৰকল্পৰ ৩৭১ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত চলিত মাহৰ আৰম্ভণিতে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল চন্দ্ৰবাবু নাইডুক। তেতিয়াৰ পৰাই জেলত আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। 

গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই চন্দ্ৰবাবুৱে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও এই আবেদন আদালতে নাকচ কৰি দুদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই চন্দ্ৰবাবুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

আনহাতে, অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে আজি ৰাজমাহেন্দ্ৰবুৰাম কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰত চন্দ্ৰবাবু নাইডুক সোধা-পোছা কৰিছে।

যোৱা ৯ ছেপ্টেম্বৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল চন্দ্ৰবাবু নাইডুক। চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ ঘটনাই আলোড়িত কৰিছিল ৰাজ্য আৰু ৰাষ্ট্ৰীয় ৰাজনীতি।