NORTHEAST NOW (Assamese)

পঞ্চভূতত বিলীন তৰুণ গগৈৰ নশ্বৰ দেহ; বৈদিক ৰীতি-নীতিৰে পুত্ৰ গৌৰৱে কৰিলে মুখাগ্নি

November 26, 2020 3:44 pm · কল্পজ্যোতি শইকীয়া
Updated: November 26, 2020 6:15 pm

পঞ্চভূতত বিলীন হ’ল সুদীৰ্ঘ ১৫ বছৰৰ বাবে শাসনৰ বাঘজৰী নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ৰাজনীতিৰ দুৰন্ত তৰুণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ।

আজি বিয়লি ৩:২৪ বজাত পুত্ৰ গৌৰৱ গগৈয়ে নৱগ্ৰহ শ্মশানত তৰুণ গগৈৰ নশ্বৰ দেহত মুখাগ্নি কৰে।

পঞ্চভূতত বিলীন হোৱাৰ পূৰ্বে তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত গগৈ, তৰুণ গগৈৰ পত্নী ডলি গগৈক ধৰি অন্য বহুজনে।

সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।

যিসকল লোকে ভিতৰত প্ৰৱেশ কৰিব পৰা নাই সেইসকলৰ বাবে বাহিৰত স্ক্ৰীনত অন্তেষ্টিক্ৰিয়াৰ দৃশ্য দেখুৱাৰ ব্যৱস্থা কৰা হৈছে।

আহোম পৰম্পৰা আৰু হিন্দু পৰম্পৰা দুয়োটা অনুসৰিয়েই তেওঁৰ শেষকৃত সম্পন্ন হয়।

উল্লেখযোগ্য যে, যোৱা ২৩ নৱেম্বৰৰ দিনা সন্ধ্যা ৫:৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে।

তাৰ পাছত তেওঁৰ নশ্বৰ দেহ ২৪ নৱেম্বৰত চৰকাৰী আবাসগৃহ, ৰাজীৱ ভৱনলৈ নি সন্ধ্যা ভাগৰ পৰা আজি পুৱালৈকে ৰখা হয় কলাক্ষেত্ৰত।

আজি পুৱা ৭:৪০ বজাত কলাক্ষেত্ৰৰ পৰা পোনে পোনে চৰকাৰী বাসগৃহলৈ লৈ যোৱা হয় গগৈৰ নশ্বৰদেহ।

চৰকাৰী বাসগৃহত পৰিয়ালৰ কৰিবলগীয়া ধৰ্মীয় প্ৰথাখিনি আহোম পৰম্পৰা অনুসৰি সম্পন্ন কৰে।

পুৱা ৯ বজাত চৰকাৰী বাসগৃহৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা অন্তিম যাত্ৰা আৰম্ভ হৈছিল।

প্ৰথমে ছয়মাইলৰ এটা গীৰ্জাত তেওঁৰ নশ্বৰ দেহ নিয়া হয়। তাৰ পাছত পোনে পোনে জু-ৰোডৰ কোনো এটা নামঘৰলৈ তেওঁক নিয়া হয়।

তাৰ পাছত আমবাৰীৰ বুঢ়া মছজিদ, উগ্ৰতাৰা দেৱালয়লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয়।

 

সকলো স্থানতে তেওঁলৈ সকলোৰে পুষ্পঞ্জলি অৰ্পণ কৰিছিল অগণন গুণমুগ্ধই।

সকলোকে কন্দুৱাই ৰাজনীতিৰ দুৰন্ত তৰুণক অৱশেষত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় মৰ্য্যদাৰে সন্মান জনোৱা হয় আৰু চিৰদিনৰ বাবে বিলীন হৈ পৰে পঞ্চভূতত।

Related News