NORTHEAST NOW (Assamese)

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

January 16, 2021 11:20 am · এন ই নাও নিউজ

হৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটীৰ ডাউট টাউন হস্পিটেলত চিকিৎসাধীন হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

বৰ্তমান চিকিৎসালয়খনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰফুল্ল কুমাৰ মহন্তক চিকিৎসা সেৱা আগবঢ়াই আছে।

কিছু পৰিমাণে সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহতো প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ হৈ পৰাত ডাউন টাউন হস্পিটেলৰ আই চি য়ুত ভৰ্তি হ’বলগীয়া হৈছিল।

স্নায়ু আৰু উচ্চৰক্তচাপ জনিত ৰোগৰ বাবেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰফুল্ল মহন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অসম গণ পৰিষদ দলৰ জেষ্ঠ নেতা গৰাকীয়ে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ দুটা কাৰ্য্যকালৰ বাবে অসমৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

Related News