NORTHEAST NOW (Assamese)

“বিজেপিৰ সকলো প্ৰতিশ্ৰুতি ফাঁকি, প্ৰলোভনেৰে মানুহৰ মন জয় কৰাৰ চেষ্টা”-কংগ্ৰেছ নেতা কমল নাথ

March 26, 2021 5:22 pm · জাহ্নৱী বৰুৱা
মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ।

শুকুৰবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে বিজেপিৰ সকলো প্ৰতিশ্ৰুতি ফাঁকি, প্ৰলোভনেৰে মানুহৰ মন জয় কৰাৰ চেষ্টা কৰে বুলি দাবী কৰে।

তেওঁ সংবাদমেলত লগতে কয়, “বিজেপিয়ে কেনেকৈ মানুহক ঠগিব লাগে ভালদৰে জানে। মোদীয়ে ২০১৯ৰ নিৰ্বাচনত দিয়া নিবনুৱা সকলক চাকৰি, বেংকত ১৫ লাখ ভৰোৱাৰ কথা একোৱে নকয়। তেওঁ মাথোঁ ৰাষ্ট্ৰীয়তাবাদ,পাকিস্তানৰ কথাহে বেছিকৈ উল্লেখ কৰিলে যাতে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ মানুহে পাহৰি যাওক।”

আনহাতে, বিজেপিয়ে কেৱল ধৰ্মৰ নামত বিভাজনৰ সৃষ্টি কৰি আছে বুলি দাবী কৰি তেওঁ লগতে কয়, “যদি বিজেপিৰ সৎ সাহস আছে তেনেহলে ২০১৬ত যিসমূহ প্ৰতিশ্ৰুতি ইস্তাহাৰত প্ৰকাশ পাইছিল সেই প্ৰতিশ্ৰুতি পালন কৰাত কিমান দূৰ সক্ষম হ’ল ক’ব লাগিছিল। কিন্তু সেই প্ৰতিশ্রুতিৰ কোনো উত্তৰ নাই বিজেপিৰ হাতত।”

ইফালে প্ৰতিশ্ৰুতি সমূহৰ কোনো উত্তৰ নাপাই ৰাহুল গান্ধীৰ বিষয়ে চৰ্চা কৰিবলৈ লাগি যায় বুলি দাবী কৰি তেওঁ পুনৰ কয় যে “যাতে সেই প্ৰতিশ্ৰুতি সমূহৰ উত্তৰ দিব নালাগে, তাৰ বাবেই এইদৰে তেওঁলোকে ফালৰি কাটে’’।

তেওঁ কয় যে ‘’এইবাৰ কংগ্ৰেছে দিয়া ৫টা গেৰেণ্টি পূৰণ কৰিবই।”

Related News