NORTHEAST NOW (Assamese)

জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ দেহাৱসান

November 19, 2018 9:02 am · এন ই নাও নিউজ
Updated: November 19, 2018 9:12 am

প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা চন্দন কুমাৰ সৰকাৰৰ আজি পুৱা ৫ঃ৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ বঙাইগাঁৱৰ লৱাৰ আসাম হস্পিতেলত দেহাৱসান ঘটে।

উল্লেখযোগ্য যে ৬৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা তৰুণ গগৈ চৰকাৰৰ কালত জলসিঞ্চন আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থকা সৰকাৰক কালি নিশাই অভয়াপুৰী চিভিল হস্পিতেলত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে পিছত তেওঁৰ অৱস্থা সংকটজনক হোৱাত বঙাইগাঁৱৰ লৱাৰ আসাম হস্পিতেলত ভৰ্তি কৰোৱা হয়।

দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰাক্তন চন্দন সৰকাৰৰ আকস্মিকভাৱে মৃত্যুত প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত তেওঁ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

জানিব পৰা মতে আজি পুৱা ১০ বজাত ৰিপুণ বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্রেছৰ এটা সঁজাতী দল সৰকাৰৰ বঙাইগাঁওস্থিত বাসগৃহলৈ বুলি ৰাওনা হ’ব। ইয়াৰ উপৰি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত প্ৰদেশ কংগ্রেছৰ নেতৃবৃন্দ উপস্থিত থাকিব।

আনহাতে ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ সৰকাৰৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News