NORTHEAST NOW (Assamese)
অসম

ধনবল-বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে : প্ৰাক্তন কংগ্ৰেছী সাংসদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 14, 2018 7:17 am
Dijen Sarmah

‘‘ধন বল, বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে,’’- পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে চমকপ্ৰদ সফলতা লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই।

তেওঁ লগতে কয়, “পঞ্চায়ত নিৰ্বাচনত  প্ৰথম হেলিকপ্টাৰ উৰুৱাইছে বিজেপিয়ে। পূৰ্বতে এনেকুৱা হোৱা নাছিল।”

তদুপৰি, পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভয়-ভীতি প্ৰদৰ্শন কৰি ভোট আহৰণৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ তোলে শৰ্মাই।

অৱশ্যে, নিৰ্বাচনী ফলাফলত বৰ্তমানলৈকে দ্বিতীয় স্থানত থাকিও সন্তুষ্ট কংগ্ৰেছৰ নেতাজন।

“যদিওবা আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দ্বিতীয় স্থানত আছো তথাপিও আমি সন্তুষ্ট। ভৱিষ্যতে অধিক ভাল ফল দেখুৱাবলৈ চেষ্টা কৰিম।‘’ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই।

বিজেপি বিৰোধী দল হৈ থকাৰ সময়ৰ তুলনাত কংগ্ৰেছ দলে বিৰোধী আসনত থাকিও এক সন্তুষ্টিমূলক ফলাফল লাভ কৰিব সক্ষম হৈছে বুলি দাবী কৰে দ্বিজেন শৰ্মাই।

তেওঁ কয়, ‘’বিজেপি বিৰোধী হৈ থকাৰ সময়ত অৰ্থ্যাৎ ২০১৩ চনত মাত্ৰ ১৫ খনহে জিলা পৰিষদৰ আসন লাভ কৰিছিল। তাৰ তুলনাত কংগ্ৰেছ দল বিৰোধীত থাকিও জিলা পৰিষদত বৰ্তমানলৈকে বহুসংখ্যক আসন দখল কৰিছে।‘’

আনহাতে, ৰিপুন বৰাৰ নিজা সমষ্টিত তথা ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ দুৰ্গ খহাৰ প্ৰসংগত সোধাত তেওঁ বিজেপিৰ গালৈ বোকা ছটিয়ায়।

‘অতি সাম্প্ৰদায়িক মন্তব্যৰে নিজকে চিনাকি দিয়া শিলাদিত্য দেৱক হোজাইত ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে তথা বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিতে কংগ্ৰেছে বেছিকৈ আসন লাভ কৰিছে।‘’ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে লগতে এইদৰে কয়।