NORTHEAST NOW (Assamese)

ৰোহিত শৰ্মাই টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়া উচিত : গৌতম গম্ভীৰ

November 11, 2020 3:41 pm · এন ই নাও নিউজ

আই পি এলত মুম্বাই ইণ্ডিয়ানছে পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ পাছতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

দুবাৰৰ আই পি এলৰ খিতাপ বিজয়ী অধিনায়ক গৌতম গম্ভীৰে ৰোহিত শৰ্মাক প্ৰশংসা কৰি ৰোহিত শৰ্মাই টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলক নেতৃত্ব দিয়া উচিত বুলি উল্লেখ কৰে।

‘‘আই পি এলৰ ইতিহাসত ৰোহিত শৰ্মা অন্যতম সফল অধিনায়ক…..যদিহে ৰোহিতে ভাৰতীয় টি-২০ আৰু এদিনীয়া দলৰ অধিনায়কত্ব লাভ নকৰে তেন্তে সেয়া দুৰ্ভাগ্যজনক,’’ গৌতম গম্ভীৰে লগতে কয়।

ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই আই পি এলত পঞ্চমবাৰৰ বাবে চেম্পিয়ন হয়।

মঙলবাৰে নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি বিজয়ী হয়।

Related News