Home › দেশ ইহলীলা সম্বৰণ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো-এ May 17, 2024 8:44 am · এন ই নাও নিউজ, গুৱাহাটী ইহ সংসাৰ ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে৷আজি পুৱা ৭.০৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে বৰ্ষীয়ান অগপ নেতাগৰাকীৰ৷মৃত্যুৰ সময়ত জাতীয়তাবাদী নেতাগৰাকীৰ বয়স আছিল ৮৫ বছৰ৷দীৰ্ঘদিন ধৰি বড়ো হৃদৰোগত আক্ৰান্ত হৈ আছিল৷জানিব পৰা মতে প্ৰয়াত অগপ নেতাগৰাকীৰ নশ্বৰ দেহ অগপৰ আমবাৰী কাৰ্যালয়লৈ নিয়া হ’ব৷ অসম গণ পৰিষদৰ চৰকাৰৰ দিনত অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বড়োৱে৷মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৱে ইহ সংসাৰত একমাত্ৰ কন্যাক এৰি থৈ গৈছে৷ ‹ ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েছনৰ সভাপতি পদত জয়ী… অটল,দৃঢ়,একাগ্ৰ! ৭৩ বাৰ প্ৰিলিমছ্ আৰু ৪৩ বাৰ… › Related Newsচৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনাJuly 30, 2026 1:09 pm · এন ই নাও নিউজ, গুৱাহাটীমাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশাJuly 30, 2026 12:58 pm · এন ই নাও নিউজ, গুৱাহাটীনিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰJuly 30, 2026 11:25 am · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতাJuly 30, 2026 9:47 am · এন ই নাও নিউজ, গুৱাহাটীকমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিতJuly 30, 2026 8:52 am · এন ই নাও নিউজ, গুৱাহাটী