NORTHEAST NOW (Assamese)
অসম

এই গৰাকী ক্ৰিকেটাৰে ক’লে, ধোনীৰ ওপৰত অৱসৰৰ চাপ দিয়া উচিত নহয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 7:38 pm
M S Dhoni

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি এনে ক্ৰিকেটাৰ দশকত মাত্ৰ এজনেহে জন্ম গ্ৰহণ কৰে বুলি কয়।

নাছিল হুছেইনে ধোনীৰ দৰে ক্ৰিকেটাৰৰ গুৰুত্ব বুজি এনে ক্ৰিকেটাৰক অৱসৰ ল’বলৈ কোৱা সকলে নিজৰ দায়বদ্ধতা বুজিব লাগে বুলি উল্লেখ কৰে।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা অধিনায়ক নাছিৰ হুছেইনে মহেন্দ্ৰ সিং ধোনীৰ দৰে ক্ৰিকেটাৰে এতিয়াও ভাৰতীয় ক্ৰিকেটক দিবলৈ যথেষ্ট বাকী আছে বুলি লগতে কয়।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে স্টাৰস্পোৰ্টত দিয়া এটা সাক্ষাৎকাৰত ধোনীৰ পাছত তেওঁৰ দৰে ক্ৰিকেটাৰ পোৱা নাযাব বুলি মন্তব্য কৰে।

‘‘ধোনীৰ ওপৰত অৱসৰৰ চাপ দিয়া উচিত নহয়। একমাত্ৰ ধোনীয়েহে জানে তেওঁ কেনে স্থিতিত আছে,’’ নাছিৰ হুছেইনে কয়।

উল্লেখযোগ্য যে, বিশ্বকাপৰ পাছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলৰ যোগেৰে পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি অহাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আই পি এল পিছুৱাই দিয়াত ধোনীৰ প্ৰত্যাৱৰ্তন কেতিয়া হ’ব সেই সম্বন্ধেও অনিশ্চয়তাৰ সৃষ্টি হৈছে।