NORTHEAST NOW (Assamese)
Popular Stories

ঘঁৰিয়ালৰ পেটৰ পৰা উদ্ধাৰ ৭ বছৰীয়া নিখোজ শিশুৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 7:26 pm
ঘঁৰিয়ালৰ পেটৰ পৰা উদ্ধাৰ ৭ বছৰীয়া নিখোজ শিশুৰ মৃতদেহ

ইণ্ডোনেছিয়াৰ বুৰু দ্বীপত বৃহস্পতিবাৰে এটা ৫ মিটাৰ দৈৰ্ঘ্যৰ ঘৰিয়ালৰ পেটৰ ভিতৰত এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হয়।

দ্যা জাকাৰ্টা প’ষ্টত প্ৰকাশিত এক বাতৰি মতে যোৱা বুধবাৰে বুৰু দ্বীপৰ এয়াৰ বুৱায়া জিলাৰ এটি শিশুয়ে ঘৰৰ ওচৰতে থকা সাগৰৰ পাৰত সাঁতুৰিবলৈ গৈ ঘুৰি অহা নাছিল।

পিছত শিশুটিৰ পৰিয়ালৰ লোকে আৰক্ষীক ল’ৰাটো নিখোজ হৈ থকাৰ কথা জনোৱাত এটা উদ্ধাৰকাৰী দলে শিশুটিক বিচাৰি বুধবাৰে অভিযান চলাই যদিও সন্ধান উলিয়াব নোৱাৰিলে।

ল’ৰাটোক বিচাৰি দলটোৱে পিছদিনা সমীপৰ এখন নৈত অভিযান চলায় য’ত তেওঁলোকে এটা প্ৰকাণ্ড ঘঁৰিয়াল দেখে। দলটোৱে ঘৰিয়ালটোক গুলীয়াই পিছত কাটি দিয়াত তাৰ পেটৰ ভিতৰত থকা শিশুটিৰ মৃতদেহটো উলাই পৰে।

মৃতদেহটো পিছত শিশুটিৰ পৰিয়ালৰ লোকক গতাই দিয়া হয়।