NORTHEAST NOW (Assamese)
Popular Stories

বন বিষয়াৰ ছত্ৰছায়াত দিহিং-পাটকাই অভয়াৰণ্যত কাঠ মাফিয়াৰ দপদপনি; নিশ্চিহ্ন হোৱাৰ পথত হোলোং গছ

Posted by: মানস প্ৰতিম গগৈ June 12, 2018 3:29 pm

ৰাজ্য চৰকাৰে যে বনজ সম্পদ ৰক্ষাৰ বাবে তিলমানো গুৰুত্ব দিয়া নাই সেই কথা যোৱা দুবছৰ ধৰি তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চল, বন্যপ্ৰাণী অভয়াৰণ্য আদিত দিনে-নিশাই অব্যাহত থকা বন ধ্বংসৰ কাৰ্যই প্ৰমাণ কৰিছে।

মন কৰিব লগীয়া যে, ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ নিজা মানুহ বুলি বিভিন্ন মহলত পৰিচিত ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিপুল বৰাৰ আৰু পশ্চিম মাৰ্ঘেৰিটা কুখ্যাত বনাঞ্চলিক বিষয়া পিংকু সিঙৰ ছত্ৰছায়াতে অবাধ বনজ সম্পদ লুণ্ঠনৰ এই  বেহা চলি থকাৰ অভিযোগ উঠিছে।

কিছুদিন পূৰ্বে একাংশ প্ৰকৃতিপ্ৰেমী সাংবাদিকৰ চৰজমিন তদন্তত, মাৰ্ঘেৰিটা পশ্চিম ৰেঞ্জৰ অধীনৰ দিহিং-পাটকাই অভয়াৰণ্যৰ লেখাজান বিতৰ অন্তৰ্গত ডিৰক নদীৰ পাৰৰ ৰে’ল ডুবি আৰু টকৌ ডুবি এলেকাত চোৰাং কাঠমাফিয়াই এফালৰ পৰা অতি মূল্যৱান হোলোং গছ কাটি নিয়াৰ কথা পোহৰলৈ আহিছিল।

ৰেঞ্জাৰ পিংকু সিঙৰ প্ৰত্যক্ষ সহযোগিতাতে অবাধে শ শ হোলোং গছৰ কুন্দা কাটি হাতী লগাই ডিৰক নৈৰ পাৰলৈ আনি নদী পাৰ কৰি অৰুণাচলৰ চাংলাং জিলাৰ বিভিন্ন কাঠ মিললৈ নিয়া হয় বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

এইক্ষেত্ৰত দেৱজিৎ মৰাণ, ত্ৰিনয়ন গগৈৰ দৰে একাংশ প্ৰকৃতিপ্ৰেমী যুৱকে এই সমূহ গছ সংৰক্ষণৰ বাবে বন মন্ত্ৰীক দাবী জনাই আহিছে যদিও এতিয়ালৈকে কোনো ফল ধৰা নাই।

উত্তৰ-পূব ভাৰতৰ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে অসমৰ জাতীয় গছ হোলোং ধ্বংস কৰা চোৰাং কাঠ মাফিয়াক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে ৷

উল্লেখযোগ্য যে সংবাদ মাধ্যমত ডিগবৈত বনসংমণ্ডলৰ অধীনত চলা বন ধ্বংসৰ বিষয়ে সবিস্তাৰে বহুবাৰ প্ৰকাশ পোৱাৰ পিছতো গঁড়ৰ ছালৰ দৰে ডাঠ হোৱা বিয়াগোম বন বিভাগে এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।

প্ৰাক্তন বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনৰ বিষয়ববীয়াই বহুবাৰ তথ্য প্ৰমাণসহ কি ভাবে বন ধ্বংস অব্যাহত আছে সেয়া অৱগত কৰাৰ পিছতো তেখেতে এইক্ষেত্ৰত কিঞ্চিৎ পৰিমাণেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছিল। এতিয়া নৱ নিযুক্ত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এইক্ষেত্ৰত কি ব্যৱস্থা হাতত লয় সেয়া লক্ষণীয় হ’ব৷

আনহাতে, দিহিং-পাটকাই অভয়াৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰো নিস্ক্ৰিয় ভূমিকাই মাৰ্ঘেৰিটাৰ সচেতন প্ৰকৃতিপ্ৰেমীক ক্ষুণ্ণ কৰি তুলিছে৷

এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে তিনিচুকীয়া জিলাত বিজেপিৰ শাসন থকালৈকে বনজ সম্পদ বাচি নাথাকে। নাথাকিব  অসমৰ ৰাজ্যিক জাতীয় গছ হোলোং।