NORTHEAST NOW (Assamese)
অসম

সংগীতেৰে জীৱন সলনি কৰিব কয়দীৰ : প্ৰথমবাৰৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত সংগীত বিদ্যালয়

Posted by: এন ই নাও নিউজ June 12, 2018 3:53 pm
Music lessons for Guwahati Central Jail inmates

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদত এখন নতুন সংগীত বিদ্যালয় স্থাপন কৰা হৈছে। কয়দীসকলক সংগীতৰ প্ৰশিক্ষণ দিয়াৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ ভিতৰত এই সংগীত বিদ্যালয়খন স্থাপন কৰিছে অনুপ শৰ্মা আৰু গীতা দেৱীয়ে।

ইতিমধ্যে ৰাজু চন্দ, সৰগম ৰাভা আৰু অন্য ৮ গৰাকী কয়দীয়ে কণ্ঠ সংগীত আৰু আন ছগৰাকীয়ে গীটাৰৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে।

তেওঁলোকে প্ৰতিষ্ঠা কৰা সংগীত বিদ্যালয়খনৰ নাম হৈছে ‘সুৰৰ পানচৈ’। ১১ জুনৰ পৰা এই সংগীত বিদ্যালয়খন আৰম্ভ হৈছে। উল্লেখ্য যে অসমৰ কাৰাগাৰৰ ইতিহাসত এই ধৰণৰ এইটো প্ৰথম পদক্ষেপ।

এই সংগীত বিদ্যালয়খনৰ পাঠ্যক্ৰম ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত সজ্জিত কৰা হৈছে। আলপতে কয়দীসকলৰ অগ্ৰগতিৰ মূল্যায়ন কৰাৰ বাবে এটা পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে।

এই সংগীত বিদ্যালয়খনৰ উদ্দেশ্য হৈছে কাৰাগাৰৰ ভিতৰত এটা সাংগীতিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে কয়দীসকলৰ মানসিকতাৰ উন্নতি কৰাটো।

কয়দীসকলৰ জীৱৰ মান উন্নততৰ কৰাৰ এটা উদ্দেশ্যেৰে এই সংগীত বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে।