NORTHEAST NOW (Assamese)

গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশুভাই পেটেলৰ দেহাৱসান, প্ৰধান মন্ত্ৰীৰ শোকপ্ৰকাশ

October 29, 2020 2:22 pm · এন ই নাও নিউজ

গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কেশুভাই পেটেলৰ আজি ৯২ বছৰ বয়সত দেহাৱসান ঘটে।

কেশুভাই পেটেল গুজৰাটৰ দুবাৰকৈ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আজি ৰাতিপুৱা হঠাৎ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা অনুভৱ কৰাত লগে লগে আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

টাইমছ অফ ইণ্ডিয়াৰ মতে যোৱা ছেপ্তেম্বৰ মাহত ক’ৰ’নাত আক্ৰান্ত হৈছিল কেশুভাই পেটেল। অৱশ্যে তেওঁৰ দেহত ক’ৰ’নাৰ কোনো লক্ষণ দেখা দিয়া নাছিল বুলিও উল্লেখ কৰে।

ইফালে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুৰ খবৰে ব্যাথিত কৰি তুলিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

মোদীয়ে টুইটযোগে দুখ প্ৰকাশ কৰি কয়, ‘আমাৰ মৰমৰ আৰু সন্মানীয় কেশুভাইৰ মৃত্যু হ’ল। মই বহুত দুখী। সমাজৰ সকলো শ্ৰেণীৰ কথা চিন্তা কৰা তেওঁ এজন প্ৰকৃত নেতা আছিল’।

নৰেন্দ্ৰ মোদীৰ উপৰি আন বহুতো নেতা-কৰ্মীৰ ৰাজনৈতিক উত্থানত কেশুভাই পেটেলৰ বৰঙণি অনবদ্য বুলিও প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে।

Related News