NORTHEAST NOW (Assamese)

বাংলাদেশৰ বিপক্ষে ভাৰতীয় ষ্ট্ৰাইকাৰক আক্ৰমণাত্মক খেল খেলাৰ পৰামৰ্শ বাইচুঙৰ

October 10, 2019 7:48 pm · এন ই নাও নিউজ
Updated: October 10, 2019 10:07 pm
বাইচুং

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই বৃহস্পতিবাৰে বৰ্তমানৰ ভাৰতীয় দলটো সুনীল ছেত্ৰীৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল বুলি মন্তব্য কৰে।

ভূটীয়াই বুধবাৰে ভাৰতীয় দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে খেলা বন্ধুত্বমূলক খেলখনত সুনীল ছেত্ৰীৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে।

খেলখনত জাতীয় দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে ১-১ গ’লত ড্ৰ খেলে।

অধিনায়ক ছেত্ৰীয়ে ভাৰতীয় দলটোৰ হৈ একমাত্ৰ গ’লটো স্কোৰ কৰে।

১৫ অক্টোবৰত কলকাতাত বাংলাদেশৰ বিপক্ষে ফিফা বিশ্বকাপৰ প্ৰস্তুতি খেলত অংশ ল’বলগীয়া ভাৰতীয় দলৰ অন্য খেলুৱৈ সকলেও গ’ল দিয়াৰ সামৰ্থ্য ৰাখিব লাগিব বুলি কয় বাইচুঙে।

”ভাৰতীয় দলৰ ষ্ট্ৰাইকাৰে ১৫ অক্টোবৰত গ’ল কৰিব লাগিব আৰু বাংলাদেশৰ বিপক্ষে ভাৰতীয় দলটৰ বাবে ই এক প্ৰত্যাহবান হ’ব,”ভূটীয়াৰ মন্তব্য।

বৰ্তমান ভাৰত ফিফা ৰেংকিং অনুসৰি ১০৪ নম্বৰ স্থানত থকাৰ বিপৰীতে বাংলাদেশ আছে ১৮৭ স্থানত।

কাটাৰৰ বিপক্ষে খেলা খেলখনত ভাৰতীয় দলৰ ৰক্ষণ বিভাগে সুন্দৰ খেল খেলিছিল বুলি উল্লেখ কৰি ভূটীয়াই ষ্ট্ৰাইকাৰে গ’ল কৰিলেহে দল জয়ী হ’ব পাৰিব বুলি কয়।

উল্লেখযোগ্য যে, গুৱাহাটীত ওমানৰ বিপক্ষে ভাৰত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত কাটাৰৰ বিৰুদ্ধে ড্ৰ খেলিবলৈ সক্ষম হৈছিল। এতিয়া ফিফা বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ স্বপ্ন সজীৱ কৰি ৰাখিবলৈ হ’লে ভাৰতে বাংলাদেশক পৰাস্ত কৰিব লাগিব।

এসময়ৰ তাৰকা ফুটবলাৰগৰাকীয়ে ভাৰতীয় দলটোৱে পৰৱৰ্তী দুয়োখন খেলত ষ্ট্ৰাইকাৰে গ’ল কৰিলে সহজে বিজয়ী হ’ব পাৰিব বুলিও মন্তব্য কৰে।

 

Related News