NORTHEAST NOW (Assamese)

চ’ছিয়েল মিডিয়াত ভাইৰেল ধোনীৰ নতুন ৰূপ

March 10, 2020 5:52 pm · এন ই নাও নিউজ
Updated: March 10, 2020 6:20 pm
নতুন ৰূপত ধোনী, ফ'টো সৌজন্য- ইন্টাৰনেট

ভাৰতৰ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দীৰ্ঘ দিন ধৰি খেল পথৰাৰ পৰা আঁতৰি থাকিলেও কিন্তু সংবাদ মাধ্যমৰ চৰ্চাৰ মধ্যমণি হৈয়ে আছে।

ধোনীৰ অৱসৰ সম্পৰ্কীয় বাতৰিয়ে সংবাদ মাধ্যমত চৰ্চাৰ মূল বিষয় হ’লেও মাজে মধ্যে ধোনীৰ অন্যান্য প্ৰসঙ্গয়ো সংবাদ মাধ্যমত তুমুল চৰ্চা লাভ কৰা দেখা যায়।

এইবাৰো ধোনীয়ে অন্য এক ব্যতিক্ৰমধৰ্মী কাৰণৰ বাবে সংবাদ মাধ্যমত চৰ্চিত হোৱা দেখা গৈছে।

শেহতীয়াকৈ ধোনীয়ে এক নতুন ৰূপত নিজকে সজাই তোলা ফ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰাৰ লগে লগে সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে।

চুট-বুট পৰিহিত ধোনীক অত্যন্ত স্মাৰ্ট দেখা গৈছে। তেওঁ  নিজৰ চুলিৰ ষ্টাইলো সলনি কৰা দেখা গৈছে।

Related News