NORTHEAST NOW (Assamese)

মানালীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ নাতিৰ অকাল বিয়োগ

February 25, 2026 7:16 pm · এন ই নাও নিউজ, গুৱাহাটী

হিমাচল প্ৰদেশৰ পৰ্যটনস্থলী মানালীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা চম্পাই ছৰেনৰ নাতি বীৰ ছৰেনৰ আকস্মিক মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে। যোৱা ২৪ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ১৯ বছৰীয়া বীৰ ছৰেনে মৃত্যুক সাৱটি লয়। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, বীৰ ছৰেনে যোৱা ২২ ফেব্ৰুৱাৰীত বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণৰ উদ্দেশ্যে মানালীলৈ আহিছিল আৰু ছিমছা গাঁৱৰ এটা হোমষ্টেত বাহৰ পাতিছিল।

ঘটনাৰ সন্দৰ্ভত মানালীৰ উপ-আৰক্ষী অধীক্ষক কে.ডি. শৰ্মাই জনোৱা মতে, বীৰ আৰু তেওঁৰ বন্ধুসকলে ২৩ ফেব্ৰুৱাৰীত ছলাং আৰু চেথানৰ দৰে পৰ্যটনস্থলী ভ্ৰমণ কৰি সন্ধিয়া বাসগৃহলৈ উভতি আহিছিল। ২৪ ফেব্ৰুৱাৰীৰ দিনা বন্ধুসকলে বাহিৰত ঘূৰি ফুৰি দুপৰীয়া প্ৰায় ১২.৩০ বজাত কোঠালৈ আহি দেখে যে বীৰ ছৰেনে মূৰৰ বিষৰ বাবে শুই আছে। ইয়াৰ পিছতে বন্ধুসকলে তেওঁৰ বাবে অনলাইন যোগে ঔষধ অৰ্ডাৰ দিছিল আৰু বীৰে পুনৰ শুবলৈ চেষ্টা কৰিছিল।

বিয়লি প্ৰায় ২.৩০ বজাত কোঠাৰ পৰা হুলস্থুলৰ শব্দ শুনি বন্ধুসকলে ভিতৰলৈ গৈ দেখে যে বীৰ ছৰেন বিচনাৰ পৰা মাটিত পৰি আছে। তেওঁক তৎক্ষণাত অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ নি থকা অৱস্থাতে তেওঁৰ মুখৰ পৰা ফেন ওলাবলৈ আৰম্ভ কৰে। চিকিৎসালয়ত চিকিৎসকসকলে বহু সময় ধৰি চিপিআৰ প্ৰদান কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় যদিও বিফল হয় আৰু অৱশেষত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। প্ৰাথমিক পৰীক্ষাত মৃতদেহত কোনো আঘাতৰ চিন পোৱা হোৱা নাই আৰু আৰক্ষীয়ে বৰ্তমান এই সন্দৰ্ভত অধিক তদন্ত চলাই আছে।

নাতিৰ মৃত্যুত মৰ্মাহত হৈ চম্পাই ছৰেনে সামাজিক মাধ্যমত নিজৰ দুখ প্ৰকাশ কৰি কয় যে এই অকাল মৃত্যুৱে তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোক মানসিকভাৱে ভাঙি পেলাইছে। আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছৰেনেও এই ঘটনাত শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। উল্লেখ্য যে চম্পাই ছৰেন ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ লগতে বৰ্তমান ছেৰাইকেলা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Related News