NORTHEAST NOW (Assamese)
অসম

বিপদত মণিপুৰৰ কেব বিৰোধী ক্ৰুছেদাৰ ইববি সিং, গ্ৰেপ্তাৰ হ’ব পাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 9:42 pm
Manipur-Congress-delegation Former Manipur Chief Minister Okram Ibobi Singh, now leading his partymen in.anti-CAB protests, is in trouble over CBI raids in his residence

নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনৰ নেতৃত্ব দি অহা মণিপুৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিং চি বি আইৰ তালাচীক লৈ বিপদত পৰিছে।

চি বি আয়ে জনোৱামতে ইববিক গ্ৰেপ্তাৰৰ বাবে আদালতলৈ যোৱাৰ কথা তেওঁলোকে বিবেচনা কৰি আছে।

সিঙৰ কেইবাটাও আৱাসৰ পৰা চি বি আয়ে বিমুদ্ৰাকৃত আৰু বৰ্তমান চলি থকা মুদ্ৰাৰ ৰূপত ক্ৰমে ২৬.৪৯ আৰু ১১.৪৭ লাখ টকা জব্দ কৰিছে।

পুৰণি বিমুদ্ৰাকৃত মুদ্ৰা ৰখা নিজেই এটা অপৰাধ আৰু আইনমতে ইয়াৰ শাস্তি উদ্ধাৰ হোৱা মুদ্ৰা পৰিমাণৰ পাঁচগুণ ক্ষতিপূৰণ।

চি বি আয়ে জনোৱামতে, তিনিখন নগৰৰ নটা স্থানত তেওঁলোকে তালাচী চলাইছে।

ইববি সিং আৰু আন কেইজনমানৰ বিৰুদ্ধে মণিপুৰৰ উন্নয়নৰ বাবে অহা ৩৩২ কোটি টকা হৰলুকিৰ অভিযোগত সংস্থাটোৱে এক গোচৰ ৰুজু কৰিছে।

মণিপুৰ দিভেলপমেণ্ট চ’চাইটিৰ সৈতে একালত জৰিত সিং আৰু প্ৰাক্তন আই এ এছ বিষয়াকেইজনমানৰ আইজল, ইম্ফাল আৰু গুৰগাঁৱৰ বাসভৱনত তালাচী চলোৱা হৈছে।

সিঙৰ ঘৰত তালাচীৰ সময়ত অ’দি, মিটছুবিচি, হ’ন্দা আৰু হুন্দাইৰ আঠখন বিলাসী গাড়ীও পোৱা হৈছে, চি বি আই বিষয়াই জনায়।

অভিযোগমতে, সিঙে মণিপুৰ দিভেলপমেণ্ট চ’চাইটিৰ অধ্যক্ষ থকা সময় (২০০৯-১৭)ত ৰাজ্যখনৰ উন্নয়নৰ বাবে আবণ্টিত মুঠ ৫১৮ কোটি টকাৰ ৩৩২ কোটি হৰলুকি কৰিছিল।

বৰ্তমানৰ মণিপুৰ চৰকাৰে বিষয়টোত হস্তক্ষেপ বিচাৰি কেন্দ্ৰক কৰা অনুৰোধৰ ভিত্তিত চি বি আয়ে গোচৰটো পঞ্জীয়ন কৰিছে।

সিঙৰ সৈতে চি বি আয়ে নাম লোৱা আন তিনিজন এম দি এচ অধ্যক্ষ হৈছে—দি এচ পুনিয়া, পি চি লাউমুকংগা আৰু অ’ নৱকিশোৰ সিং—আটাইকেইজনেই প্ৰাক্তন আই এ এছ বিষয়া।

চ’চাইটিৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক ৱাই নিংথেম সিং আৰু প্ৰশাসনিক বিষয়া এচ ৰঞ্জিত সিঙৰ নামো এফ আই আৰত উল্লেখ কৰা হৈছে।

চি বি আয়ে নিংথেম সিঙৰ পৰাও ১০ লাখ পুৰণি মুদ্ৰা আৰু ইম্ফালৰ দুটা প্ৰাসাদোপম ঘৰৰ নথি উদ্ধাৰ কৰিছে।

পুনিয়া, লাউমুকংগা আৰু নৱকিশোৰৰ ঘৰৰ পৰা সংস্থাটোৱে সম্পত্তি আৰু বেংকৰ নথি-পত্ৰও উদ্ধাৰ কৰিছে।

ইববিৰ নেতৃত্বত মণিপুৰৰ ১৪ গৰাকী কংগ্ৰেছ বিধায়কে শুকুৰবাৰে নতুন দিল্লীত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ধৰ্ণা বহিছিল।

সিঙে তেওঁৰ বিৰুদ্ধে চি বি আই তদন্তৰ আদৰণি জনাইছে আৰু সংস্থাটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা কৈছে।