NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ; চিকিৎসাধীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 10:26 pm

ৰাজ্যত পুনৰ অনা অসমীয়া ব্যৱসায়ীয়ে সাংবাদিকক আক্ৰমণ কৰে। আমিনগাঁৱত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত দুগৰাকীকৈ সাংবাদিক প্ৰহৃত হয় অনা অসমীয়া দুৰ্বৃত্তৰ হাতত।

দুৰ্বৃত্তই আক্ৰমণ কৰা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক দুগৰাকীক ক্ৰমে ৰণ্টু বৈশ্য আৰু ৰূপজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান দুৰ্বৃত্তৰ আক্ৰমণত আহত সাংবাগিক দুগৰাকী আমিনগাঁও তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে চাইল্ড লাইনে আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমীপত এটা গেৰেজৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই দুৰ্বৃত্তই আক্ৰমণ কৰে সাংবাদিক দুগৰাকীক।

ফলত গেৰেজৰ মালিক কৰ্মচাৰী আৰু ভেৰোনীয়া গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক দুগৰাকী। ইতিমধ্যে ঘটনা সন্দৰ্ভত গেৰেজৰ মালিকৰ বিৰুদ্ধে আমিনগাঁও আৰক্ষী চকীত ৰুজু হৈছে গোচৰ।

আনহাতে ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইফালে সাংবাদিকক এনেদৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনে।