NORTHEAST NOW (Assamese)

ক’ৰ’না আক্ৰান্ত হৈ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ঘোৰা ৰামৰ পৰলোকপ্ৰাপ্তি

July 16, 2020 5:38 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

উত্তৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ নেতা ঘোৰা ৰামৰ বৃহস্পতিবাৰে ৰাতিপুৱা ক’ৰ’নাত আক্ৰান্ত হৈ দেহাৱসান ঘটে।

উত্তৰপ্ৰদেশৰ লক্ষ্নৌৰ কিং জৰ্জ মেডিকেল য়ুনিৰ্ভাৰ্ছিটিত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ দেহাৱসান হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

সমাজবাদী পাৰ্টিৰ আন এগৰাকী নেতা সন্তোষ কুমাৰে জানিবলৈ দিয়া মতে, প্ৰাক্তন মন্ত্ৰী ঘোৰা ৰামক উশাহ লোৱাত কষ্ট অনুভৱ কৰা আৰু কাহত ভোগা বাবে মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত কৰা ক’ৰ’নাৰ পৰীক্ষাত তেওঁৰ ফলাফল প’জিটিভ আহে আৰু দুদিন পাছতে ঘোৰা ৰামৰ পৰলোকপ্ৰাপ্তি ঘটে।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ ভালেকেইগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী আৰু বিধায়ক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

পঞ্জাৱৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী বাজৱা, দিল্লীৰ স্বাস্থ্য মন্ত্ৰীকে ধৰি জম্মু-কাশ্মীৰৰ ৰাজ্যিক বিজেপিৰ সভাপতিও ক’ৰ’না প’জিটিভ হৈছে।

অসমতো বহু কেইগৰাকী বিধায়ক ক’ৰ’না আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

Related News