NORTHEAST NOW (Assamese)
Popular Stories

‘শান্তিৰ সন্ধান!’ ইনষ্টাগ্ৰামত প’ষ্ট দি ৬০ মহলাৰ জঁপিয়াই প্ৰাণ দিলে প্ৰাক্তন Miss USAই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 8:40 am
t_aa0a9bd6aabd40e9b4d272c51786eab3_name_image

বয়স আছিল মাত্ৰ ৩০ বছৰ। খ্যাতিয়ে ভালদৰেই চুই গৈছিল জীৱনক। মডেলিং বৃত্তিৰে জীৱন গঢ়াৰ বাটত মিছ ইউএছএৰ খিতাপো জিকিছিল সুন্দৰী ছেসলিয়ে।

কিন্তু হঠাতেই যেন ছন্দপতন ঘটিল জীৱনৰ। নিজেই নি:শেষ কৰি দিলে সকলো। দেওবাৰে পুৱা ৭বজাত বৃহৎ অট্টালিকাৰ ৬০মহলাৰ পৰা জঁপিয়াই দিলে সুন্দৰী ছেসলি ক্রাইষ্টে।

সন্মুখত এক বৃহৎ সম্ভাৱনাৰ দুৱাৰ মুকলি থকাৰ পাছতো কিয় এনেকৈ আত্মহননৰ পথ ল’লে সুন্দৰীগৰাকীয়ে! সেই ৰহস্য অৱশ্যে এতিয়াও খোল খোৱা নাই।

ছেসলিৰ জন্ম হৈছিল ১৯৯১চনত মিছিগানত। ২০১৭চনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ছেসলিয়ে ২০১৯চনত মিছ ইউএছএ খিতাপ জিকিছিল।

নিজৰ এই আত্মহত্যাৰ কেইঘন্টামান পূৰ্বে ছেসলিয়ে তেওঁ ছচিয়েল মিডিয়া একাউন্টত এটা প’ষ্ট দিছিল। তাত তেওঁ লিখিছিল যে এই দিনটোৱে তোমাৰ জীৱনত শান্তি ঘুৰাই দিয়ক। তদন্তকাৰী আৰক্ষীয়ে এই প’ষ্টটো বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে।

দৰাচলতে ‘তুমি’ বুলি ছেসলিয়ে কাক বুজাইছে তাৰো অনুসন্ধান চলাইছে আৰক্ষীয়ে। ছেসলিৰ মৃত্যুৰ আঁৰত আন কোনো সম্পৰ্কৰ বিষয়েও চালিজাৰি চোৱা হৈছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে কেৰিয়াৰক লৈ চিন্তিত হোৱাৰ বাবেই ছেসলিয়ে এনে সিদ্ধান্ত লোৱা বুলি অনুমান কৰিছে।

মিছ ইউনিভাৰ্ছ হৰনাজ সিন্ধুৰ সৈতে।

বাতৰি অনুসৰি, ছেসলিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটি টোকা উদ্ধাৰ কৰা হৈছে য’ত তেওঁ মাতৃৰ বাবে সকলো এৰি দিব বিচাৰে বুলি লিখিছে।

জানি পৰা মতে, এইবাৰৰ মিছ ইউনিভাৰ্ছ ভাৰতীয় সুন্দৰী হৰনাজ সিন্ধুৰ সৈতেও সুন্দৰ বন্ধুত্ব গঢ়ি উঠিছিল ছেসলিৰ।