NORTHEAST NOW (Assamese)
ক্ৰীড়া

প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2021 8:52 pm
Former Mr Olympia Shawn Rhoden dies aged 46

প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনৰ ৪৬ বছৰ বয়সত মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, আমেৰিকান প্ৰ-বডিবিল্ডাৰজন শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল।

২০১৮ চনত ৰোডেনে সাতবাৰৰ অলিম্পিয়া চেম্পিয়ন ফিল হিথক পৰাস্ত কৰি অলিম্পিয়া বডীবিল্ডিং প্ৰতিযোগিতাৰ চুপাৰ বাউলৰ চুড়ান্ত বিজয়ী হৈছিল। তেওঁ ৪৩ বছৰ বয়সত সন্মানীয় খিতাপ জয় কৰা আটাইতকৈ বয়সীয়াল প্ৰতিযোগী আছিল।

১৯৯০ ৰ দশকৰ আৰম্ভণিতে ৰোডেনে প্ৰথমে এজন অপেছাদাৰী হিচাপে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল।

২০১০ চনত ৰোডেনে প্ৰাথমিক সফলতা লাভ কৰে। সেই বৰ্ষত তেওঁৰ প্ৰথম মিষ্টাৰ অলিম্পিয়াত একাদশ স্থান লাভ কৰে। পৰৱৰ্তী বছৰত ৰোডেনে প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰে।