NORTHEAST NOW (Assamese)
Popular Stories

ৰাজনীতি পছন্দ নহয়! হাৰ্ভাৰ্ডত যোগদান কৰিব নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2023 5:53 pm
ৰাজনীতি পছন্দ নহয়! হাৰ্ভাৰ্ডত যোগদান কৰিব নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডানে

ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিছে নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে। ৰাজনীতিৰ পৰা বিদায় লৈ শিক্ষকৰ জীৱন বাছি ল’বলৈ ওলাইছে জেচিণ্ডাই। এইবাৰ তেওঁ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা নিশ্চিত কৰিছে। কোৱা হৈছে যে জেচিণ্ডাক বিশ্ববিদ্যালয়খনৰ স্কুল অৱ পাব্লিক পলিচি এণ্ড গভৰ্ণমেণ্টত ডুৱেল ফেল’শ্বিপত নিযুক্তি দিয়া হৈছে।

তাত তেওঁ ‘এঞ্জেলোপ’লোছ গ্ল’বেল পাব্লিক লিডাৰ্ছ ফেলো’ কাৰ্যসূচীত কাম কৰিব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত নেতৃত্বৰ গুণ বিকশিত কৰা।

নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেন। ফটো: সংগ্ৰহীত।

কেনেডি স্কুলৰ ডীন ডগলাছ এলমেনডৰ্ফে এক বিজ্ঞপ্তিযোগে কয় যে জেচিণ্ডাই বিশ্বক শক্তিশালী আৰু সহানুভুতিশীল ৰাজনৈতিক নেতৃত্ব দেখুৱাইছে। তেওঁ নিজৰ দেশৰ বাহিৰেও সমগ্ৰ বিশ্বতে সন্মান অৰ্জন কৰিছে। তেওঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টিৰ বীজ সিঁচিব পাৰে।