NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত পাকিস্তানত দ্বিতীয় গৰাকী ক্ৰিকেটাৰৰ মৃত্যু

June 2, 2020 11:48 pm · এন ই নাও নিউজ
ৰিয়াজ শ্বেইখ, উৎস-ইণ্টাৰনেট

পাকিস্তানৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ ৰিয়াজ শ্বেইখৰ ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হয়।

পাকিস্তানী ক্ৰিকেটাৰ গৰাকী ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মাত্ৰ ৫১ বছৰ বয়সতে মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

ৰিয়াজ শ্বেইখে ১৯৮৭ চনৰ পৰা ২০০৫ চনলৈ পাকিস্তানত ৪৩ খন প্ৰথম শ্ৰেণীৰ খেল আৰু ২৫ খন লিষ্ট-এ খেলত অংশ লৈছিল।

ইয়াৰ পূৰ্বে পাকিস্তানৰ আন এগৰাকী প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জফৰ চৰফৰাজে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল।

৫০ বছৰীয়া জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা ক্ৰিকেটাৰ।

জফৰ চৰফৰাজ পাকিস্তানৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আখতাৰ চৰফৰাজৰ ভাতৃ।

জফৰ চৰফৰাজে ১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ লিষ্ট এ ক্ৰিকেট খেলিছিল।

পাকিস্তানত বৰ্তমানলৈ ৭৫,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Related News