NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 4:51 pm

পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চাহিদ খান আব্বাছি ক’ৰ’না আক্ৰান্ত হৈ নিজ গৃহত কোৱাৰেণ্টাইনত আছে।

পাকিস্তান মুছলিম লীগৰ মুখপাত্ৰ মাৰয়াম ঔৰংগজেৱে আব্বাছি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে দেওবাৰে পাকিস্তান পিপলছ পাৰ্টি(পিপিপি)ৰ নেতা চাৰ্জিল মেমনো ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। মেমনকো বৰ্তমান চেল্ফ আইছ’লেশ্যনত ৰখা হৈছে।

ইয়াৰ উপৰিও বিগত সপ্তাহত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা বিধান সভাৰ ফইজল জেব খান, চালাহাবুদ্দিন খান, জিনত বিবি আৰু জামচেদ খান নামৰ চাৰিগৰাকী সদস্য ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।

পাকিস্তানত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮০,০০০ অতিক্ৰম কৰিছে। ইতিমধ্যে দেশখনত দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰেও ক’ৰ’নাৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত পাকিস্তানত ৪৫০০ কৈ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।