NORTHEAST NOW (Assamese)
অসম

বানাক্ৰান্ত কেৰেলালৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰ্থিক সাহায্য প্ৰেৰণ

Posted by: এন ই নাও নিউজ August 20, 2018 8:23 pm
f-2-570x320

ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰা নদীবান্ধ পৰা এৰি দিয়া পানীৰ পৰা উদ্ভৱ হোৱা কেৰেলাৰ  প্ৰলয়ংকৰী বানপানীত এই পৰ্যন্ত ৩৭০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। বানপানীৰ দ্বাৰা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আলাপ্পুজা, এৰানাকুলাম আৰু থ্ৰিছুৰত উদ্ধাৰ অভিযান চলি আছে।

অসম চৰকাৰে বানাক্ৰান্ত কেৰেলাৰ উদ্ধাৰ কাৰ্যৰ বাবে বাবে ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুখ্য মন্ত্ৰী সাহায্য পুঁজিৰ পৰা কেৰেলালৈ তৎকালীনভাৱে ৩কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। খাণ্ডুৱে এটা টুইটযোগে অৰুণাচল আৰু কেৰেলাৰ মাজত থকা প্ৰকাশ দীৰ্ঘ-দিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰিছে। খাণ্ডুৱে তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেদি  অৰুণাচলৰ জনসাধাৰণৰ হৈ কেৰেলাৰ বানপানীত নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কেৰেলালৈ ২ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।আনহাতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফু ৰিঅ’ৱে কেৰেলাৰ দুৰ্যোগ প্ৰশমন পুঁজিলৈ ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ বানাক্ৰান্ত এলেকাৰ বাবে ৫০০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও বিগত সপ্তাহত বানাক্ৰান্ত জিলাখনলৈ ১০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল।