NORTHEAST NOW (Assamese)
Popular Stories

মহিলাৰ ওপৰত ‘মৰেল পুলিচ’ৰ চৰম শাস্তি; আঁঠু কঢ়াই ঘূৰালে চোতালত

Posted by: মিটু খাটনিয়াৰ August 20, 2018 8:56 pm
Moral policing

মৰেল পুলিচিঙৰ নামত লখিমপুৰ-মাজুলী সীমান্তৱৰ্তী এখন গাঁৱত একাংশ লোকে এগৰাকী মহিলাৰ ওপৰত চলোৱা নিৰ্যাতনৰ ভিডিঅ’ই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ছ’চিয়েল মিডিয়াত বৰ্তমান ‘ভাইৰেল’ হৈ পৰা ভিডিঅ’টোত উক্ত মহিলাগৰাকীক একাংশ লোকে ঘেৰি ধৰি চোতালত আঁঠু কঢ়াই ঘূৰিবলৈ দিয়া দেখা যায়।

উল্লেখযোগ্য যে লখিমপুৰ আৰু মাজুলীৰ সীমান্তৱৰ্তী লুইত খাবলুত আজি চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাটোত পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰিয়েই মহিলা গৰাকীৰ ওপৰত গাঁৱৰ একাংশ ৰাইজে এনেদৰে চৰম শাস্তি বিহে।

জানিব পৰা মতে, গাঁৱৰে এজন যুৱকৰ সৈতে মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল। সেই পৰকীয় প্ৰেম ধৰা পৰাৰ পিছতে তেওঁক এইদৰে একাংশ লোকে নিৰ্যাতন চলায়।

মৰেল পুলিচিঙৰ নামত ৰাজ্যত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰা এনেধৰণৰ ঘটনাত ৰাজ্যখনৰ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে।