NORTHEAST NOW (Assamese)

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ

October 31, 2021 6:47 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত সূদীৰ্ঘ ১৭ দিনৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ পিছত ১৩ অক্টোবৰত দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসাৰ অন্তত চিকিৎসকসকলে তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়ে।

 

জ্বৰ আৰু দুৰ্বলতাৰ বাবে মনমোহন সিঙক ১৩ অক্টোবৰত দিল্লীৰ এইমছৰ কাৰ্ডিঅ’লজী বিভাগত ভৰ্তি কৰোৱা হৈছিল। পিছত তেওঁ ডেংগুত আক্ৰান্ত বুলি ঘোষণা কৰিছিল এইমছ কৰ্তৃপক্ষই।

কাৰ্ডিঅ’লজী বিশেষজ্ঞ ডাঃ নীতিশ নায়েকৰ নেতৃত্বত চিকিৎসকৰ এটা দলৰ তত্বাৱধানত মনমোহন সিঙৰ চিকিৎসা কৰা হৈছিল। চিকিৎসকসকলে দহ দিন আগতে জনাইছিল যে মনমোহন সিঙৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে। কিন্তু আৰোগ্য হ’বলৈ তেওঁ আৰু কেইদিনমান চিকিৎসালয়ত থাকিব লাগিব। আজি অৱশেষত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক চিকিৎসালৰ পৰা অব্যাহতি দিয়া হয়।

Related News