NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং; দিল্লীৰ এইমছত ভৰ্তি

April 19, 2021 6:58 pm · এন ই নাও নিউজ

কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। চিকিৎসাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বৰ্তমান দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে।

ড০ সিঙে কৰ’না ভেকচিনৰ দুয়োটা ড’জেই গ্ৰহণ কৰিছিল। তথাপি, তেওঁৰ শৰীৰত মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ঘটিছে।

ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিও কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ ভয়াবহ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আজি শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়াৰ পাছত ড০ সিঙক দিল্লীৰ এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।

চিকিৎসকৰ এটা বিশেষ দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসা আৰম্ভ কৰিছে।

প্ৰায় নব্বৈ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শাৰীৰিক পৰিস্থিতিয়ে চিকিৎসকৰ চিন্তা বৃদ্ধি কৰিছে। বৰ্তমান তেওঁ চিকিৎসকৰ সুক্ষ্ম পৰ্যবেক্ষণত আছে।

উল্লেখ্য যে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৰ’না পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছিল। তেওঁ ইয়াক লৈ সাৱধানতা অৱলম্বন, প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছিল।

ইয়াৰ পাছতে সোমবাৰে নিজেই কৰ’না ভাইৰাছত আক্ৰান্ত হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

Related News