NORTHEAST NOW (Assamese)

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱাক গ্ৰেপ্তাৰ

September 27, 2018 7:56 pm · এন ই নাও নিউজ
চবিন ৰাজখোৱা। ফাইল ছবি।

কাৰ্য্যকালত বিত্তীয় অনিয়মৰ অভিযোগত অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱাক।

১.১ কোটি টকাৰ বিত্তীয় অনিয়মৰ অভিযোগত যোৱা বছৰৰ জুলাইত ৰাজখোৱা আৰু তেওঁৰ দুগৰাকী সহকৰ্মীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক গোচৰ (২২/২০১৭) ৰুজু কৰিছিল।

ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৬৮, ৪২০ আৰু ৪০৯ ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰা হৈছিল।

লগতে পঢ়ক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কোষাধ্যক্ষ আৰু সহ গাণনিক

আৰক্ষী সূত্ৰই জনোৱা মতে ৰাজখোৱাক গুৱাহাটীস্থিত বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৰাজখোৱাক ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিছে।

২০০৯ চনৰ ২ জুলাইৰ পৰা ২০১১ চনৰ ১১ জুলাইলৈকে কলাক্ষেত্ৰৰ সচিব হৈ থকা কালত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আগবঢ়োৱা ১.১ কোটিতকৈও অধিক টকাৰ খেলিমেলি কৰা বুলি অভিযুক্ত হৈছে ৰাজখোৱা।

Related News