NORTHEAST NOW (Assamese)
অসম

আলিগড় মুছলিম বিশ্ববিদ্যালয় চৌহদত প্ৰাক্তন ছাত্ৰক গুলিয়াই হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 12:14 pm

বৃহস্পতিবাৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত বিশ্ববিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰক গুলিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত অচিনাক্ত দুৰ্বৃত্তই ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰ গৰাকীক গুলিয়াই হত্যা কৰে।

” বৰ্তমান ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী যুৱকক আটক কৰা হৈছে আৰু তেওঁলোকক সোধ-পোছ অব্যাহত ৰখা হৈছে,” আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৱাছিম আলী নামৰ এগৰাকী গৱেষক ছাত্ৰই এইদৰে উল্লেখ কৰে।

”আলিগড় মুছলিম বিদ্যালয়ৰ চৌহদত নিহত হোৱা ছাত্ৰ গৰাকী বিশ্ববিদ্যালয়খনৰ বৰ্তমান ছাত্ৰ নে প্ৰাক্তন ছাত্ৰ সেই সম্বন্ধে সঠিক কৈ জানিব পৰা হোৱা নাই,” আলীয়ে লগতে কয়।

আনহাতে, এখন শিক্ষানুষ্ঠানৰ চৌহদত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰী সকলে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ বাবে আহ্বান জনায়।