NORTHEAST NOW (Assamese)

কাৰাবন্দীৰ মজুৰি বৃদ্ধিৰ দাবী এগৰাকী জেইল ফেৰৎ প্ৰাক্তন মন্ত্ৰীৰ

February 13, 2020 6:03 pm · এন ই নাও নিউজ
Updated: February 13, 2020 7:34 pm
ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰী। ফাইল ফটো: নৰ্থইষ্ট নাও

ৰাজনৈতিক নেতাসকলৰ কাৰণে কাৰাগাৰ কোনো কথা নহয়।

স্বৰাজোত্তৰ কালৰে পৰা ভাৰতীয় ৰাজনৈতিক নেতাসকলে বিভিন্ন কাৰণত কাৰাৰুদ্ধ হৈ আহিলেও কাৰাগাৰৰ পৰা মুক্ত হৈ অহাৰ পিছত ইমান দিনে কাৰাগাৰৰ ব্যৱস্থাৰ পৰিৱতৰ্নৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হোৱা নাছিল।

কিন্তু এইবাৰ এজন প্ৰাক্তন জেইল ফেৰৎ মন্ত্ৰীয়ে কাৰাগাৰৰ ব্যৱস্থা সংশোধনৰ বাবে দাবী উত্থাপন কৰিছে।

এই  জেইল ফেৰৎ মন্ত্ৰীজন হ’ল ত্ৰিপুৰাৰ বিত্ত আৰু গড়কাপ্টানি বিভাগৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিএমৰ বৰ্ষীয়ান নেতা বাদল চৌধুৰী।

মন্ত্ৰী বাদল চৌধুৰীয়ে ত্ৰিপুৰাৰ মুখ্য সচিব মনোজ কুমাৰলৈ কাৰাবন্দীসকলৰ মজুৰিৰ বৃদ্ধিৰ দাবী জনাই এখন পত্ৰ লিখে।

তেওঁ পত্ৰখনত উল্লেখ কৰি কয় যে বৰ্তমান কাৰাগাৰ নিয়মানুসাৰে বিশ্বস্ত কাৰাবন্দীসকলে কাৰাগাৰৰ ভিতৰত কাম কৰিলে দৈনিক মজুৰি পায় মাত্ৰ ৩৩ টকা।

তেওঁ লগতে আঙুলিয়াই দিয়ে যে উক্ত কাৰাগাৰ কৰ্তৃপক্ষই প্ৰতিজন কাৰাবন্দীৰ উক্ত মজুৰিৰ পৰা ২০%  ধন কাটে, যি ধনৰ কানো হিচাপ নাথাকে।

প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে বিভিন্ন ৰাজ্যৰ কাৰাবন্দীৰ দৈনিক মজুৰিৰ প্ৰসঙ্গ উত্থাপন কৰি লগতে কয় যে পশ্চিমবঙ্গত ৯৩ টকাৰ বিপৰীতে অসম আৰু বিহাৰত এই মজুৰিৰ পৰিমাণ হৈছে ক্ৰমে ৭৫ আৰু ৮০ টকা।

সেই অনুপাতে ত্ৰিপুৰাৰ বিশ্বস্ত কাৰাবন্দীৰ দৈনিক মজুৰি অন্ততঃ ৭০ টকালৈ বৃদ্ধি কৰিবলৈ ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দাবী উত্থাপন কৰিছে।

তেওঁ লগতে পেৰল ছিষ্টেমৰ “ব’ৰ্ড অৱ ভিজিটৰ্ছ” প্ৰসঙ্গ উত্থাপন কৰি ইয়াৰ পুনৰ-গঠনৰ পোষকতা কৰে যাতে কাৰাগাৰত দীৰ্ঘদিন ধৰি বন্দী হৈ থকা বিশ্বস্ত কাৰাবন্দীসকলে কিছু সকাহ অনুভৱ কৰিব পাৰে।

উল্লেখ্য যে এই পত্ৰখনে যদিও কোনো নতুন কথা উত্থাপন কৰা নাই তথাপিও এজন ৰাজৈনিতক নেতা তথা প্ৰাক্তন মন্ত্ৰীয়ে কাৰাগাৰৰ কাৰাবন্দীসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ প্ৰসঙ্গ উত্থাপন কৰাকলৈ ৰাজ্যখনৰ ৰাজনীতিত এই পত্ৰখনে বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে চৰ্চা হোৱাৰ পৰিলক্ষিত হৈছে।

ক’বলৈ গ’লে ত্ৰিপুৰাৰ ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰী বাদল চৌধুৰীৰ এই পত্ৰখনে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News