NORTHEAST NOW (Assamese)

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান; বয়স আছিল ১০০ বছৰ

December 30, 2024 9:00 am · এন ই নাও নিউজ, গুৱাহাটী

শান্তিৰ নোবেল বঁটা বিজয়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান ঘটিছে। স্থানীয় সময় অনুসৰি দেওবাৰে বিয়লি জৰ্জিয়াৰ প্লেইনছত থকা নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ১০০ বছৰ। জিমি কাৰ্টাৰৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁ প্ৰতিষ্ঠা কৰা সংস্থা কাৰ্টাৰ চেণ্টাৰে।

ইতিহাসৰ আটাইতকৈ দীৰ্ঘজীৱী ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ। যোৱা অক্টোবৰ মাহত তেওঁ ১০০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল।

ডেম’ক্ৰেটিক পাৰ্টিৰ পৰা নিৰ্বাচিত জিমি কাৰ্টাৰে ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৰ্থনৈতিক আৰু কূটনৈতিক সংকটৰ মাজতে তেওঁ কাম কৰিবলগীয়া হৈছিল।

জনপ্ৰিয়তা হেৰুৱাই হোৱাইট হাউছ এৰি যোৱাৰ পিছত জিমি কাৰ্টাৰে মানৱীয় কাৰ্যকলাপৰ জৰিয়তে পুনৰ সুনাম অৰ্জন কৰে। এই কামৰ স্বীকৃতি স্বৰূপে তেওঁক ২০০২ চনত শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

জিমি কাৰ্টাৰৰ পুত্ৰ চিপ কাৰ্টাৰে এক বিবৃতিত কয় যে মোৰ দেউতা এজন নায়ক আছিল। কেৱল মোৰ বাবেই নহয়, শান্তি, মানৱ অধিকাৰ আৰু নিস্বাৰ্থ প্ৰেমত বিশ্বাসী সকলোৰে বাবে।’

জিমি কাৰ্টাৰে ৪টা সন্তান আৰু ১১টা নাতি-নাতিনীক এৰি থৈ যায়। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁৰ পত্নী ৰোজালিনৰ মৃত্যু হয়।

Related News